NORTHEAST NOW (Assamese)
ক্ৰীড়া

১ জুনৰ পৰা টি-২০ বিশ্বকাপঃ কেতিয়া হ’ব ভাৰত-পাকিস্তানৰ বহু প্ৰতীক্ষিত মেচ! চাওক সবিশেষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2024 8:21 pm
T20 World Cup 2024 Schedule

প্ৰকাশ পালে আগন্তুক টি-২০ বিশ্বকাপৰ সময়সূচী। ক্ৰিকেটৰ মুৰব্বী সংস্থা আইচিচিয়ে আজি টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচী উন্মোচন কৰে। ঘোষিত সূচী অনুসৰি অহা ১ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ।

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যৌথ আয়োজনত ১ জুনৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। জুনৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে, পূৰ্বৰ ১৬টা দলৰ পৰিৱৰ্তে আগন্তুক বিশ্বকাপত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ২০টালৈ বৃদ্ধি পাব। এই ২০ টা দলক পাঁচটাকৈ চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ পৰ্যায়লৈ আগবাঢ়িব।

অহা ২৬ আৰু ২৭ জুনত ক্ৰমে গিয়ানা আৰু ট্ৰিনিদাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ছেমি ফাইনেল। ২৯ জুনত বাৰ্বাডোছে আয়োজন কৰিব ফাইনেল। মুঠ ৯টা স্থানত প্ৰতিযোগিতাখনৰ ৫৫খন খেল অনুষ্ঠিত হ’ব।

লক্ষণীয়ভাৱে, বিশ্বকাপৰ এই গ্ৰুপ পৰ্যায়ত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা হৈছে। গ্ৰুপ এ- ৰ এই দুই শক্তিশালী দলৰ বহু প্ৰতীক্ষিত মেচখন ৯ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ’ব।

গ্ৰুপ এ- ত ভাৰত-পাকিস্তানৰ লগতে আছে আয়াৰলেণ্ড, কানাডা আৰু আমেৰিকা। আনহাতে গ্ৰুপ বি -ত আছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড, ওমান।

সেইদৰে গ্ৰুপ চি -ত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা, পপুৱা নিউ গিনিক স্থান দিয়াৰ পৰিৱৰ্তে গ্ৰুপ ডি -ত ৰখা হৈছে দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেদাৰলেণ্ড আৰু নেপালক।

উল্লেখ্য যে, ভাৰতে ৫ জুনত নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিপক্ষে মেচেৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ৯ জুনত নিউয়ৰ্কত পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

আনহাতে ১২ জুনত নিউয়ৰ্কত আমেৰিকাৰ বিপক্ষে আৰু ১৫ জুনত ফ্ল’ৰিডাত কানাডাৰ বিপক্ষে নিজৰ অন্তিমখন গ্ৰুপ মেচত অংশ ল’ব ভাৰতে।