NORTHEAST NOW (Assamese)
Popular Stories

নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2024 10:41 am

এই ‘যুৱতী’ গৰাকীয়ে ৭ বাৰ বিয়া হোৱাৰ পিছত পুনৰ বিয়া হ’ব বিচাৰিছে! হয়তো ‘যুৱতী’ বুলিলে সকলোখিনি স্পষ্ট নহয়। কাৰণ, তেওঁৰ বয়স ১১২ বছৰ। অৱশ্যে মনৰ হেঁপাহত এই শতিকা পুৰণি কইনাজনী এতিয়াও থমকি ৰোৱা নাই!

পাঁচটা সন্তানৰ মাতৃ ১৯টা নাতি-নাতিনীৰে মালয়েছিয়াৰ বাসিন্দা ৰোমান্টিক বৃদ্ধা চিটি হাৱা হুছেইনৰ সংসাৰ। এই নাতি-নাতিনীৰো সন্তানো আছে। ইয়াৰ পিছতো বিয়াৰ চখ শেষ হোৱা নাই চিটিৰ!

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

ইয়াৰ আগতে চিটিয়ে ৭ বাৰ বিয়া পাতিছে। কিন্তু সম্পৰ্কত দূৰত্ব বঢ়াৰ বাবে কোন স্বামীৰ সৈতে বিচ্ছেদ হৈছে, কোনো স্বামীৰ মৃত্যু হৈছে। আজি তেওঁ সংগহীন। অতি অকলশৰীয়া এনে অৱস্থাত কোনোবাই যদি চিটিক বিয়া কৰাব বিচাৰে তেন্তে তেওঁ একেবাৰতে সন্মতি দিব।

শতিকা অতিক্ৰম কৰাৰ পিছতো মালয়েছিয়াৰ চিটি হাৱা হুছেইন অতি উদ্যমী। এতিয়াও অকলে খোজ কাঢ়িব পাৰে, অলপ পাহৰি যোৱা আৰু সামান্য ৰক্তচাপৰ সমস্যাৰ বাহিৰে তেওঁৰ আন কোনো শাৰীৰিক সমস্যা নাই।

অৱশ্যে তেওঁৰ এটাই সমস্যা। তেওঁ অতি নিসংগতাত ভুগিছে। তেওঁৰ ভাই-ভনী, বন্ধু-বান্ধৱী, আত্মীয়-স্বজন, চিনাকি সকলোৱে এজন এজনকৈ পৃথিৱীৰ পৰা আঁতৰি গ’ল। তেওঁৱেই একমাত্ৰ বাকী আছে।

লগতে পঢ়কঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাইজৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

তেওঁৰ কাষত এতিয়া নিজৰ সময়ৰ আন কাকো বিচাৰি নাপায়। কাৰ লগত কথা পাতিব? কি কথা পাতিব? কোনে শুনিব? গতিকে নিসংগতাৰ পৰা মুক্তি পাবলৈ চিটিয়ে আকৌ বিয়া পাতিব বিচাৰে।