ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাইজৰ সৈতে মত বিনিময় কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। সম্ভৱতঃ ২৩ জানুৱাৰীত গুৱাহাটী মহানগৰীত ৰাহুল গান্ধীৰ ৰাজহুৱা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব৷
দেশত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ বাবে জনমত সংগ্ৰহৰ লক্ষ্যৰে এই মত বিনিময় অনুষ্ঠিত হ’ব।
গুৱাহাটীত এই মত বিনিময় প্ৰধানকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত সাধাৰণভাৱে কেন্দ্ৰিত হ’ব।
লগতে পঢ়কঃ য়েমেনক আক্ৰমণ চলাই বিপদত পৰিছে বাইডেন; উভতি ধৰিলে কোনে?
ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ’ব উত্তৰ-পূবৰ সংঘাতপূৰ্ণ ৰাজ্য মণিপুৰৰ ৰাজধানী ইম্ফলত।
১৪ জানুৱাৰীৰ পৰা মণিপুৰত আৰম্ভ হ’ব কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ২০ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব।
অসমত ৮ দিনৰ ভিতৰত ১৭ খন জিলাৰ মাজেৰে ৮৮০ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰিব।
লগতে পঢ়কঃ সহপাঠীয়ে প্ৰাণ ল’লে সহপাঠীৰঃ ৬ দিন পিছত কুঁৱাত উদ্ধাৰ মৃতদেহ
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কংগ্ৰেছ দলক ৰাজ্যৰ মাজেৰে এই যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰিব।