NORTHEAST NOW (Assamese)
অসম

তেজপুৰত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণ বিজেপি কৰ্মীৰঃ দেশজুৰি প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2024 5:13 pm
Jairam Ramesh Bharat Jodo Nyay Yatra

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে সম্প্ৰতি অসমত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আজি সন্মুখীন হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।

আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলত বিজেপিৰ একাংশ কৰ্মীয়ে আক্ৰমণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ বাহনত।

জামুগুৰিহাট অঞ্চলেৰে বাহনত যাত্ৰা কৰি থকাৰ সময়তে হাতত বিজেপিৰ দলীয় পতাকাৰ লগতে হিন্দু ধৰ্মাৱলম্বী পতাকা হাতত লৈ একাংশ লোকে আগচি জয়ৰাম ৰমেশৰ বাহনখন।

এই ঘটনাৰ সমগ্ৰ দৃশ্য জয়ৰাম ৰমেশে এক টুইট যোগে শ্বেয়াৰ কৰিছে। দলটোৱে বাহনখনত পানী ঢালি ভাৰত জোড়ো ন্যায় যাত্ৰা বিৰোধী শ্লোগান দিয়া বুলি ৰমেশে অভিযোগ কৰে।

তেওঁ লগতে বিজেপি কৰ্মীসকলে তেওঁ যাত্ৰা কৰা বাহনখনৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ষ্টীকাৰো ফালি পেলায় বুলি অভিযোগ কৰে।

কিন্তু বিজেপি কৰ্মীসকলৰ আক্ৰমণৰ পিছতো নিজৰ স্থিতিত অটল থাকি তেওঁলোকক হাত জোকাৰি প্ৰতিক্ৰিয়া জনাই উক্তস্থআনৰ পৰা আঁতৰি যোৱা বুলি ৰমেশে উল্লেখ কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই ঘটনাৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে।

তেওঁ লগতে এনে ধৰণৰ কাৰ্যকলাপৰ পিছতো ‘ভয় খোৱা নাই আৰু সৈনিক হিচাপে কাম কৰি যাম’ বুলি টুইটটোত উল্লেখ কৰে।

জয়ৰাম ৰমেশে শ্বেয়াৰ কৰা এই ভিডিঅ’টোক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শনিবাৰে কংগ্ৰেছ দলে লখিমপুৰত সংঘটিত ঘটনাৰীক ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছিল।

এই ভিডিঅ’টোত একাংশ দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ টানি ভাঙি থকা দেখা গৈছিল।

কংগ্ৰেছে লগতে দাবী দলৰ একাংশ কৰ্মীকো দুৰ্বৃত্তই আক্ৰমণ কৰি গাড়ী ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে।