NORTHEAST NOW (Assamese)
Popular Stories

চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2024 9:56 am

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি চিৰিয়াখানাত দেখা গ’ল এক শিহৰণকাৰী ঘটনা। সিংহৰ বাবে নিৰ্ধাৰিত স্থানত এজন লোকে চেলফি তুলিবলৈ চেষ্টা কৰি আছিল। সিংহৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত যুৱকজনৰ নাম প্ৰহ্লাদ গুজ্জৰ। তেওঁৰ বয়স ৩৪ বছৰ। যুৱকজন ৰাজস্থানৰ আলৱাৰ জিলাৰ বনছুৰ পৌৰসভাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যুৱকজনে অকলে চিৰিয়াখানালৈ গৈ সিংহৰ লগত চেলফি তুলিবলৈ চেষ্টা কৰিছিল। তাৰ পৰিণতিতে তেওঁ প্ৰাণ হেৰুৱালে।

শ্ৰী ভেংকটেশ্বৰ প্ৰাণীবিজ্ঞান উদ্যানৰ বিষয়া-কৰ্মচাৰীয়ে জনোৱা মতে, মৃত যুৱকজনে টিকট ক্ৰয় কৰি চিৰিয়াখানাত প্ৰৱেশ কৰিছিল। তেওঁ আৰম্ভণিৰে পৰা বাৰে বাৰে নিয়ম ভংগ কৰি আছিল। তাৰ পাছত সিংহৰ বাবে নিৰ্দিষ্ট ঠাইলৈ গৈ চেলফি এখন তুলিবলৈ চেষ্টা কৰিলে। চিৰিয়াখানাৰ নিৰাপত্তাৰক্ষীৰ দৃষ্টি এৰাই চলি প্ৰহ্লাদে দেৱালত উঠিল। কেৱল চিৰিয়াখানাৰ কৰ্মচাৰী আৰু চিকিৎসকেহে সেই ঠাইলৈ যায়। এই যুৱকজনক তালৈ যাওঁতে সিংহ এটাই আক্ৰমণ কৰে।

প্ৰহ্লাদক হত্যা কৰা সিংহৰ নাম ডংগলপুৰ। চিৰিয়াখানাখনৰ কিউৰেটৰ চি চেলভামে এই ঘটনা সন্দৰ্ভত কয়, “আমাৰ কৰ্মচাৰীসকলে প্ৰহ্লাদ গুজ্জৰ নামৰ যুৱকজনে সিংহৰ বাবে নিৰ্দিষ্ট এলেকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা দেখিছিল। তেওঁক সকীয়াই দিয়া হৈছিল। কিন্তু শেষ ৰক্ষা কৰাটো সম্ভৱ নহ’ল। যুৱকজনে ৬ ফুট ওখ দেৱালখনত উঠি সিংহৰ স্থানত জপিয়াই পৰিল। সিংহৰ লগত চেলফি তুলিবলৈ চেষ্টা কৰিলে। সিংহৰ আক্ৰমণত তেওঁৰ মৃত্যু হয় যদিও  সিংহই তেওঁৰ শৰীৰৰ কোনো অংশত প্ৰত্যক্ষভাৱে আঘাত কৰা নাছিল। সিংহই এই যুৱকৰ মাংস নাখালে। মাত্ৰ যুৱকজনৰ ডিঙিত ধৰি টানি লৈ গ’ল। তাতেই মৃত্যু ঘটিল।”