NORTHEAST NOW (Assamese)
অসম

কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই কেন্দ্ৰীয় চৰকাৰে : নৰেন্দ্ৰ  মোদী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী February 22, 2024 9:14 pm

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো হীন-দেঢ়ি কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আহমেদাবাদত আমুলৰ সোণালী জয়ন্তী উদযাপনত কৃষকসকলক সম্বোধন কৰি এই মন্তব্য প্ৰদান কৰে। 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমি কৃষকৰ কল্যাণৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাই। সমগ্ৰ দেশতে চৰকাৰে নিৰ্মাণ কৰিছে ৬০ হাজাৰৰো অধিক অমৃত সৰোৱৰ। এই পদক্ষেপে কেৱল কৃষকসকলক সহায় কৰাই নহয়, গাঁৱৰ অৰ্থনীতিৰো শক্তিশালী কৰিছে। আমাৰ লক্ষ্য হৈছে আধুনিক প্ৰযুক্তিৰ সহায় আগবঢ়াই দেশৰ ক্ষুদ্ৰ কৃষকসকলক আগুৱাই লৈ যোৱা”

কৃষিক্ষেত্ৰত কৃষকক সহায় কৰাৰ উপৰি দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ জীৱনশৈলীৰ পৰিৱৰ্তন অনাৰ কথাও কয় নৰেন্দ্ৰ মোদীয়ে। 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ লক্ষ্য হৈছে ক্ষুদ্ৰ কৃষকৰ জীৱনশৈলীত পৰিৱৰ্তন অনা। পশুপালনৰ সুযোগো বৃদ্ধি কৰাৰ লক্ষ্য লৈছো। আমাৰ চৰকাৰে মীন পালন বৃদ্ধি কৰি গাঁৱৰ ভাবমূর্তি সলনি কৰিব বিচাৰিছে৷” 

ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন অনুসৰি নতুন বীজ যোগান ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে কয়।

নিজৰ নামত খুলি লোৱা ‘নৰেন্দ্ৰ মোদী’ নামৰ ষ্টেডিয়ামৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘প্ৰথমবাৰৰ বাবে আমি গৰু পালক আৰু মীনপালকক কিষাণ ক্ৰেডিট কাৰ্ড দিছো। ইয়াৰ উপৰিও আমি কৃষকক এনে বীজ দিছো যিয়ে পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম।” 

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰে দুগ্ধ খণ্ডৰ উন্নতিৰ বাবে কি কৰিছে সেই বিষয়েও বৰ্ণনা কৰে। লগতে তেওঁ কয় যে ভাৰতে বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। এই ক্ষেত্ৰত দেশৰ আঠ কোটি লোক জড়িত হৈ আছে।