NORTHEAST NOW (Assamese)
অসম

বলপূৰ্বকভাৱে ইউক্ৰেইনলৈ পঠিওৱা হৈছে ভাৰতীয়ক! ৰাছিয়াৰ বিৰুদ্ধে অভিযোগকলৈ কি ক’লে কেন্দ্ৰই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2024 11:35 am

চাকৰি দিয়াৰ নামত তেওঁলোকক ৰাছিয়ালৈ পঠিওৱা হৈছিল। তাৰ পিছত তেওঁলোকক ইউক্ৰেইনত যুদ্ধ কৰিবলৈ পঠিওৱা হ’ল! শেহতীয়াকৈ চাৰিজন যুৱকে ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰি এই দাবী কৰিছে। সেই ভিডিঅ’টোক কেন্দ্ৰ কৰি এক চাঞ্চল্য বিয়পি পৰে। অৱশেষত কেন্দ্ৰীয় চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰে।

এআইএমআইএমৰ নেতা আছাদুদ্দিন ৱেইচিয়ে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছিল।

চাৰিজন যুৱকৰ ভিতৰত এজন তেলেংগানাৰ। তেওঁৰ নাম চুফিয়ান। বাকী তিনিজন কৰ্ণাটকত বাস কৰিছিল। চুফিয়ানে ঘৰলৈ এটা ভিডিঅ’ পঠিয়াই দিছিল। তাত তেওঁ দাবী কৰে যে তেওঁ আৰু আন তিনিজনক চাকৰি দিয়াৰ নামত প্ৰলোভিত কৰি ৰাছিয়ালৈ আনি ইউক্ৰেইনত যুদ্ধ কৰিবলৈ পঠিওৱা হৈছে।

লগতে পঢ়কঃ ১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁলোকে এই বিষয়ে অৱগত আৰু ৰাছিয়াৰ দূতাবাসৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে। তেওঁলোকক ঘূৰাই অনাৰ বাবেও চৰকাৰে উপযুক্ত ব্যৱস্থা কৰিব।

এই সন্দৰ্ভত ওলোৱা প্ৰতিবেদনত কোৱা হৈছে যে যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰা হৈছে। তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়াৰ ভাড়াতীয়া সেনা ৱেগনাৰৰ সেনাবাহিনীত নিযুক্তি দিয়া হয়। ইউক্ৰেইনত যুঁজি আছে তেওঁলোকেই। কিন্তু এইটোও জনা যায় যে চুফিয়ানহঁতে ৰাছিয়াৰ বাহিনীক সহায় কৰিবলৈ চুক্তিবদ্ধ হৈছে। সেই ক্ষেত্ৰত ভাৰতৰ কোনো অনুৰোধৰ প্ৰতি ৰাছিয়াই ইতিবাচক সঁহাৰি দিব নে নাই, তাক লৈ আন্তৰ্জাতিক মহলত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

তেলেংগানাৰ যুৱক চুফিয়ানক সেনাৰ পোছাক পৰিহিত ভিডিঅ’টোত দেখা গৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি এজন ব্যক্তিয়ে চুফিয়ান আৰু বাকী তিনিজনক মাহিলী ৩০-৪০ হাজাৰ টকাৰ চাকৰিৰ প্ৰতিশ্ৰুতিৰে ডুবাইলৈ প্ৰেৰণ কৰে। তাতে কেইমাহমান থকাৰ পিছত ঘৰলৈ উভতি আহিল। পিছত সেই ব্যক্তিজনে তেওঁলোকক ২ লাখ টকাৰ দৰমহাৰে ৰাছিয়াত চাকৰিৰ প্ৰস্তাৱ দিয়ে।

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

কেৱল সেয়াই নহয়, চাকৰিৰ প্ৰস্তাৱ দিয়াৰ পিছতো ব্যক্তিজনে তেওঁলোকৰ প্ৰত্যেকৰে পৰা চাৰে তিনি লাখ টকা লৈছিল। চুফিয়ানহঁতক কোৱা হৈছিল যে তেওঁলোকে ৰাছিয়াৰ বাহিনীৰ সহায়ক হিচাপে কাম কৰিব। কিন্তু এতিয়া তেওঁলোকক ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হৈছে।