NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ অসম ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2024 12:43 pm

ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলে মঙলবাৰৰ পৰা (০৫ মাৰ্চ) দুদিনীয়া অসম ভ্ৰমণ কৰিব।

তেওঁলোকে ৰাজ্যিক বিষয়াবৰ্গ, ৰাজনৈতিক দল, আৰু বিভিন্ন সংগঠনৰ সৈতে বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত মতামত বিচাৰিব।

তথ্য সংগ্ৰহ কৰাৰ উপৰিও নিৰ্বাচন আয়োগৰ দলটোৱে অসম আৰক্ষীৰ বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

লগতে পঢ়কঃ দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সমান্তৰালভাৱে অসম চৰকাৰে ব’হাগ বিহুৰ পূৰ্বে নিৰ্বাচনৰ সময় নিৰ্ধাৰণ কৰিবলৈ ইচিআইক আনুষ্ঠানিকভাৱে আবেদন জনাইছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সময়ৰ পোষকতা কৰিছে। ইয়াৰ দ্বাৰা ভোটাৰসকলৰ মাজত অধিক উৎসৱমুখৰ আৰু অংশগ্ৰহণমূলক পৰিৱেশ গঢ়ি উঠিব বুলি আশা কৰিছে।

লগতে পঢ়কঃ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত বাধা নাই ট্ৰাম্পৰ; তেওঁৰ পক্ষতে ৰায় দিলে দেশখনৰ ছুপ্ৰিম কোৰ্টে

নিৰ্বাচন আয়োগৰ দলৰ এই ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব উভয়ে নিৰ্বাচন আয়োগলৈ তেওঁলোকৰ অনুৰোধৰ পোষকতা কৰি ব’হাগ বিহু উৎসৱৰ লগত জড়িত সাংস্কৃতিক তাৎপৰ্য আৰু জন উৎসাহত গুৰুত্ব আৰোপ কৰিব।