NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যায়নত উদ্ধাৰ গড়ৰ মৃতদেহ : মৃত্যুক লৈ সৃষ্টি ৰহস্যৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 17, 2024 6:01 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰহস্যজনকভাবে উদ্ধাৰ হৈছে এটা গড়ৰ মৃতদেহ।  দেওবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগৰ লোকে গাই টাপুৰ নদীৰ পাৰত গড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে, অঞ্চলটোৰ শ্ৰমিকসকলে গঁড়টো প্ৰত্যক্ষ কৰি উদ্যান কৰ্তৃপক্ষক খবৰ দিয়ে দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ বিষয়াই গড়টো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।  মৰণোত্তৰ পৰীক্ষাৰ পিছতে গড়টোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব। 

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি সম্ভৱতঃ বাৰ্ধক্যৰ বাবে গঁড়টোৰ মৃত্যু হ’ব পাৰে।

উদ্যান কৰ্তৃপক্ষৰ মতে চোৰাং চিকাৰৰ সম্ভাৱনা নাই কাৰণ গঁড়টোৰ শিঙটো অক্ষত অৱস্থাত পোৱা গৈছে। 

এজন বন বিষয়াই কয়, “গড়টোৰ বয়সৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাকৃতিক কাৰণত গড়টোৰ মৃত্যু হ’ব পাৰে, কিন্তু মৰণোত্তৰ পৰীক্ষাই মৃত্যুৰ কাৰণ নিশ্চিত কৰিব।”

ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াসকলে এটা পূৰ্ণবয়স্ক গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

কাজিৰঙাৰ কোহোৰা ৰেঞ্জৰ মোনা বিলৰ সমীপত উদ্ধাৰ হৈছিল গড়টোৰ মৃতদেহ।