NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2024 9:00 am

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰে  লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মোডী চৰকাৰক অস্বস্তিত পেলালে। এইবাৰ তেওঁ দাবী কৰে যে নিৰ্বাচনী বণ্ড হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি। শেহতীয়াকৈ টিভিৰ এক সাক্ষাৎকাৰত বিখ্যাত অৰ্থনীতিবিদগৰাকীয়ে নিৰ্বাচনী বণ্ডৰ ‘দুৰ্নীতি’ৰ কথা কয়। তেওঁ সকীয়াই দিয়ে যে বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ বাবে লোকসভা নিৰ্বাচনত মূল্য ভৰিব লাগিব।

লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ধমক দিয়াৰ পিছতে ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিছে। দেখা গৈছে যে বণ্ডৰ অধিকাংশ সুবিধা শাসকীয় পক্ষই লাভ কৰিছে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিৰ পুঁজিত জমা হৈছে ৬৯৮৬.৫ কোটি টকা।

লগতে পঢ়কঃ IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

এই সন্দৰ্ভত প্ৰভাকৰে কয় যে নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে আৰু ডাঙৰ মোৰ ল’বলৈ গৈ আছে। ইয়াৰ পিছত তেওঁ মন্তব্য কৰে যে, “দেশৰ প্ৰতিজন ব্যক্তিয়ে বুজি পাইছে যে এইটো কেৱল ভাৰতৰেই নহয়, বিশ্বৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী।” শাসকীয় দলে নিৰ্বাচনত ইয়াৰ মূল্য ভৰিব লাগিব বুলিও দাবী কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামীয়ে।

উল্লেখ্য যে ইডি, চিবিআই আৰু আয়কৰ বিভাগে সৰ্বাধিক বণ্ড ক্ৰয় কৰা ৪১টা কোম্পানীৰ বিৰুদ্ধে তদন্ত চলাই আছে। অভিযোগ অনুসৰি আবকাৰী দুৰ্নীতিৰ গোচৰত প্ৰথমে গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীজনে বণ্ডৰ জৰিয়তে বিজেপিক ৪২ কোটি টকা আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। আনকি তেওঁ এই গোচৰৰ ৰাজসাক্ষীও হৈ পৰিছে।

অৱশ্যে তৃণমূল, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহো এই বণ্ডৰ দ্বাৰা লাভৱান হৈছে। তৃণমূলৰ উপাৰ্জন ১৩৯৭ কোটি টকা। তৃতীয় স্থানৰ কংগ্ৰেছৰ আয় ১৩৩৪ কোটি টকা। ১৩২২ কোটি টকাৰে চতুৰ্থ স্থানত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।