NORTHEAST NOW (Assamese)
অসম

কটনৰ ছাত্ৰীৰ চূড়ান্ত সিদ্ধান্তঃ বিহুৰ বন্ধত ঘৰলৈ নিবলৈ অহা পিতৃয়ে পালেহি কন্যাৰ নিথৰ দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2024 6:05 pm
Cotton University

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কটনত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে পেয়িং গেষ্টৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।

মৃত ছাত্ৰীগৰাকী উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী কালিনা বৰুৱা।

জানিব পৰা মতে গুৱাহাটীৰ প্ৰণলয়া পেয়িং গেষ্টত বাস কৰিছিল ছাত্ৰীগৰাকীয়ে। বিগত ৬-৭ মাহ ধৰি প্ৰণলয়া ছাত্ৰীবাসত আছিল কালিনা।

ছাত্ৰীগৰাকীয়ে জপিওৱাৰ পাছত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে।

ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মোৱাইল আৰু এখন ডায়েৰি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত বিহুৰ বন্ধৰ বাবে কালিনাৰ ঘৰলৈ লৈ যাবলৈ গুৱাহাটী অভিমুখে আহি আছিল কালিনাৰ পিতৃ। কিন্তু বাটতে ঘটনাৰ খবৰ লাভ কৰে পিতৃয়ে।

ছাত্ৰীগৰাকীৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।