NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰ্বাচনমুখী সংঘৰ্ষ জৰ্জৰিত মণিপুৰ! স্থানচ্যুত লোকৰ বাবে বিশেষ ভোটকেন্দ্ৰৰ ব্যৱস্থা

April 13, 2024 6:43 pm

সাম্প্ৰদায়িক সংঘৰ্ষত স্থানচ্যুত হোৱা ৫ হাজাৰ ভোটাৰৰ বাবে মণিপুৰত ২৯টা বিশেষ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।পশ্চিম ইম্ফল জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কিৰণ কুমাৰে এই সন্দৰ্ভত সংবাদ সংস্থা এএনআইক জনায়।

লগতে পঢ়ক: নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত দল বাগৰি টিকট লাভ কৰা কেইজনমান কোটিপতি প্ৰাৰ্থী

অভিযোগ অনুসৰি যোৱা বছৰৰ ৩ মে’ত জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (ATSUM)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ আৰম্ভণিৰ পৰাই বহু লোকে নিজৰ জীৱনৰ ভয়ত ঘৰ এৰি থৈ গৈছে। মণিপুৰৰ বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া ৰাজ্য মিজোৰামৰ বিভিন্ন শৰণাৰ্থী শিবিৰত বৃহৎ সংখ্যক স্থানচ্যুত লোক বিশেষকৈ কুকি-জো সম্প্ৰদায়ৰ নাগৰিক। কিন্তু এতিয়ালৈকে নিৰ্বাচন আয়োগে কোনো বিশেষ ব্যৱস্থা ঘোষণা কৰা নাই যাতে মিজোৰামত আশ্ৰয় লোৱা মণিপুৰৰ ভোটাৰসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে।

লগতে পঢ়ক: ‘Gpay’ৰ নতুন সংস্কৰণ! স্কেন কৰিলে দেখা পাব বিজেপি চৰকাৰৰ দুৰ্নীতি

প্ৰসংগক্ৰমে মে’ মাহৰ আৰম্ভণিতে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছত অলপ সময়ৰ ভিতৰতে ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠন ওলাই আহিল৷ সেই ঘটনাৰ পৰাই মণিপুৰত সংঘাত আৰম্ভ হৈছিল। মণিপুৰৰ খিলঞ্জীয়া হিন্দু মেইটেই সম্প্ৰদায় আৰু কুকি-জোকে ধৰি কেইবাটাও অনুসূচিত জাতিৰ সম্প্ৰদায় (যিসকলৰ বেছিভাগেই খ্ৰীষ্টান)ৰ মাজত সংঘৰ্ষত এতিয়ালৈকে প্ৰায় দুশ লোকৰ মৃত্যু হৈছে।বৰ্তমানৰ গৃহহীনৰ সংখ্যা প্ৰায় ৬০ হাজাৰ। পাছত মণিপুৰ উচ্চ ন্যায়ালয়ে বিতৰ্কিত নিৰ্দেশ প্ৰত্যাহাৰ কৰে যদিও মণিপুৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক নহয়।

লগতে পঢ়ক: ভোটদাতাসকলৰ দায়িত্ব