NORTHEAST NOW (Assamese)
দেশ

ভোটদানৰ পাছত প্ৰতিটো বিয়েৰৰ বটলত ৩ শতাংশ ৰেহাই, ক’ত দিয়া হ’ল ভোটাৰক এই বিশেষ অফাৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2024 4:46 pm

ভোট দিয়ক, সস্তীয়া বিয়েৰ খাওক। এজন বাৰৰ মালিকে কৰ্ণাটকৰ হুব্বল্লীত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে এনে এক নতুন প্ৰস্তাৱ আগবঢ়াইছে। অৱশ্যে এই অফাৰ কাইলৈ ​​অৰ্থাৎ বুধবাৰৰ বাবেহে, কিয়নো ভোটদানৰ বাবে অঞ্চলটোৰ পাবসমূহ মঙলবাৰে বন্ধ হৈ থাকে। পূর্বৰ পর্যায়ত কর্ণাটকত তীব্র গৰমৰ বাবে ভোটদান আগৰ দৰেই কম আছিল৷ বিশেষকৈ বেংগালুৰুত ভোটদান অতি কম।

লগতে পঢ়ক: পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে পুটিনে

আজিৰ দিনটোত কৰ্ণাটকৰ ১৪টা লোকসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ। কংগ্ৰেছে বিজেপিৰ সৈতে মুখামুখি যুঁজ দিছে।কৰ্ণাটকৰ হুবল্লীৰ এজন বাৰৰ মালিকে বিয়েৰৰ বিক্ৰী আৰু ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে এই উদ্ভাৱনী পন্থা গ্ৰহণ কৰিছে। যিসকলে ভোটদানৰ প্ৰমাণ দেখুৱাব পাৰিব তেওঁলোকক প্ৰতিটো বিয়েৰৰ বটলত বিশেষ ৰেহাই দিয়া হ’ব।স্থানীয় সূত্ৰৰ মতে, বাৰৰ মালিকে প্ৰতিটো বিয়েৰৰ বটলত ৩ শতাংশ ৰেহাই ঘোষণা কৰিছে।

লগতে পঢ়ক:  ইউনিচেফৰ দ্বাৰা যুৱ অধিবক্তা হিচাপে নিৰ্বাচিত কৰা হ’ল অসম সন্তান নাহিদ আফ্ৰিনক