NORTHEAST NOW (Assamese)
অসম

লাখ লাখ বাংলাদেশীলৈ ৰঙা দলিচা পাৰি দিছে বিজেপিয়ে – কৃষক মুক্তি সংগ্ৰাম সমিতি

Posted by: এন ই নাও নিউজ May 18, 2018 2:29 pm
17-05-18 Nagaon- Akhil Gogoi against the Citizenship Amendment Bill (3)

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ভাৰতত সংস্থাপিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক দলিয়াই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ভয়ংকৰ পদক্ষেপ ল’বলৈ গৈছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ এই সংবিধান আৰু দেশ বিৰোধী সিদ্ধান্তই অসম আৰু অসমবাসীক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব।” এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।

বহস্পতিবাৰে নগাঁও জিলাৰ ধাক্কাইপট্টিত অনুষ্ঠিত হোৱা জনজগৰণ সভাত উপস্থিত হৈ এইদৰে কয় অখিল গগৈয়ে। ভাষণ প্ৰংসগত কৃষক নেতা গৰাকীয়ে কয়- অসমলৈ বংগমূলীয় মুছলমানৰ ফলত ইতিমধ্যে অসমৰ জনগাঁ‌থনিৰ স্থায়ী পৰিবৰ্তন ঘটিছে। ১৯৭১  চনলৈ প্ৰব্ৰজনকাৰীৰ বোজা ল’বলৈ অসম বাধ্য হৈছে। এতিয়া অসম ধংস কৰিবলৈ আৰু অধিক বিদেশীৰ বোজা আমি কোনোপধ্যে ল’ব নোৱাৰো। বিজেপি আৰু আৰ এছ এছে ধৰ্মৰ নামত অসমক চৰণীয়া পথাৰ কৰিব খুজিছে।

তেওঁ লগতে আৰু কয় যে- এই বিধেয়কখন আইনত পৰিণত হ’লে অসমত এতিয়া অবৈধভাৱে বসবাস কৰি থকা  লাখ লাখ অবৈধ বাংলাদেশীৰ  উপৰি বাংলাদেশত থকা ডেৰ কোটিতকৈ অধিক বঙালী হিন্দুক বৈধ অসমীয়া হ’বলৈ ৰঙা দলিচা পাৰি দিব। ফলত অসমীয়াৰ বিপদ অনিবাৰ্য। তদুপৰি এই বিধেয়ক গৃহীত হ’লে অসমবাসীৰ দীৰ্ঘদিনীয়া জাতীয় স্বপ্ন এন আৰ চিৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব।

প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতি থকা অনুষ্ঠানটোত তেওঁ ৰাইজক আহ্বান জনায়, ‘’শৰাইঘাটৰ শেষৰ ৰণৰ বাবে সকলোৱে সাজু হওক, ওলাই আহক শত্ৰুক পৰাস্ত কৰিবলৈ।‘’