NORTHEAST NOW (Assamese)
অসম

অখিল হিন্দীভাষী বিকাশ পৰিষদৰ ওদালগুৰি জিলা সমিতি গঠন

Posted by: চাজিদ খান May 19, 2018 7:03 pm
akhil hindi bhashi vikash parishad assam

হিন্দীভাষী লোকৰ সমস্যা সমাধান আৰু ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ওদালগুৰিত গঠন কৰা হৈছে অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ জিলা সমিতি।

লখি চান্দ চৌহানক সভাপতি আৰু ৰাম লাল চৌহানক সম্পাদকৰূপে লৈ যোৱা ১৭ মে’ত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত ওদালগুৰি সমিতিখন গঠন কৰা হয়।

সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি আকবৰ আনছাৰীয়ে সভাখনত সভাপতিৰ ভাষণত কয় যে সম্প্ৰদায়টোৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক বিষয়বিলাক্ক লৈ মাত মতাটোৱেই সংগঠনটোৰ লক্ষ্য।

সভাখনত সংগঠনটোৰ বাক্সা আৰু চিৰাং সমিতিৰ প্ৰতিনিধিও উপস্থিত আছিল।

সভাত অভয় মিশ্ৰ আৰু ধনেশ্বৰ দাসেও বক্তব্য ৰাখে।