NORTHEAST NOW (Assamese)
দেশ

মোদী চৰকাৰৰ ওপৰত নতুন চাপ নীতিশৰ : গৃহীত হ’ল প্ৰস্তাৱ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 29, 2024 4:23 pm

কিছুদিন পূৰ্বে মোদীৰ নেতৃত্বত কেন্দ্ৰত পুনৰ চৰকাৰ গঠন কৰিছিল এন ডি এয়ে । তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে।

অকলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে নীতিশ কুমাৰৰ জে ডি ইউ আৰু চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সহযোগত চৰকাৰ গঠন কৰে ভাৰতীয় জনতা পাৰ্টিয়ে।

এনে পৰিস্থিতিত নীতিশ কুমাৰৰ দলে মোডী চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰি নতুন প্ৰস্তাৱ গৃহীত কৰে। শনিবাৰে জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰস্তাৱ গৃহীত হয়।

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়, ‘বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী নতুন নহয়। বিহাৰৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বিশেষ ৰাজ্যৰ মৰ্যাদা অতি গুৰুত্বপূৰ্ণ।”

উল্লেখ্য যে এই প্ৰস্তাৱত বিহাৰত সংৰক্ষণৰ কথাও উল্লেখ কৰা হৈছে। শেহতীয়াকৈ বিহাৰত সংৰক্ষণ ৬৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই সংৰক্ষণ ৰূপায়ণৰ ক্ষেত্ৰত যাতে কোনো আইনী বাধা নাথাকে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংৰক্ষণ ব্যৱস্থা সংবিধানৰ নৱম অনুসূচীত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে জে ডি ইউয়ে।