NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ১৩জন মাছমৰীয়াক

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় July 2, 2024 2:24 pm

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা মুঠ ১৩জন মাছমৰীয়াক বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়।

তেওঁলোকক ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা মোহনবাৰী বায়ুসেনা শিবিৰলৈ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিনিয়ে বায়ুসেনাই।

ডিব্ৰুগড়ৰ মাইজানৰ সমীপৰ ব্ৰহ্মপুত্ৰ বালিচৰৰ মাজত বিগত তিনিদিন ধৰি আৱদ্ধ হৈ আছিল মাছমৰীয়াৰ দলটো।

কালি ডিব্ৰুগড়ৰ পৰা এছডিআৰএফৰ এটা দলে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ বাবে পিছুৱাই আহিবলগীয়া হয়।

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

আজি পুৱা বায়ুসেনাৰ হেলিকপ্টাৰেৰে এই মাছমৰীয়াৰ দলটোক উদ্ধাৰ কৰা হয়।

আনহাতে, ডিব্ৰুগড়ৰ খোৱাঙৰ সমীপৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা গেমনৰ দলঙত বৃহৎ ফাট মেলিছে।

শিৱসাগৰ ফালৰ পৰা ডিব্ৰুগড় অভিমুখী দলঙৰ এটা মূৰ ডুব যোৱাৰ ফলত যিকোনো সময়তে বিপদজনক দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। যিকোনো মুহূৰ্ততে গধুৰ বাহনৰ চলাচল ব্যাহত হোৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ডিব্ৰুগড় জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত অংশৰ স্থান পৰিদৰ্শন কৰিব।

লগতে পঢ়কঃ উফন্দি উঠিছে জাতিংগা নদী! হাফলং-শিলচৰ সংযোগী ঘাইপথত ব্যাহত যাতায়ত

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে অৱগত কৰে যে ডিব্ৰুগড় চহৰৰ পানী উলিয়াই পঠিয়াবলৈ আঠটা উচ্চ শক্তিসম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে।