NORTHEAST NOW (Assamese)
Popular Stories

বিপদ বাঢ়িছে কাৰাবন্দী সত্যেন্দ্ৰ জৈনৰ; নতুন গোচৰত সাঙোৰ খাইছে নাম! তদন্তৰ নিৰ্দেশ লেফটেনেণ্ট গৱৰ্ণৰৰ

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 6, 2024 9:05 pm

পুনৰ বিপদত কাৰাবন্দী আপ নেতা সত্যেন্দ্ৰ জৈন । দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৭ কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই। দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ নিৰ্দেশমৰ্মে এচিবিৰ বিষয়াসকলে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত তদন্ত কৰিব। অভিযোগ অনুসৰি ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডৰ পৰা সত্যেন্দ্ৰই লৈছিল ৭ কোটি টকা। মূলতঃ BEL ৰ ওপৰত ১৬ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। জৰিমনা ৰেহাই দিবলৈ BELৰ বছসকলে সত্যেন্দ্ৰৰ কাষ চাপিছিল। শাস্তি ৰেহাই দিয়াৰ আশ্বাস দি BELৰ পৰা উৎকোচ দাবী কৰে সত্যেন্দ্ৰই।

লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ে এক বিবৃতিযোগে ঘটনাৰ তদন্তৰ কথা ঘোষণা কৰে। বিবৃতিটোত কোৱা হৈছে যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত BELৰ এজন কৰ্মচাৰীয়ে সত্যেন্দ্ৰক উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। অভিযোগ পোহৰলৈ অহাৰ পাছতে ৰাজধানীৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত এচিবিৰ হাতত বহু তথ্য। সেই তথ্যৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

জানিব পৰা মতে এচিবিয়ে অভিযোগকাৰীৰ বক্তব্য লিপিবদ্ধ কৰিছে। সেই বক্তব্য আৰু সংগ্ৰহ কৰা অন্যান্য প্ৰমাণৰ ভিত্তিত ভিজিলেন্স বিভাগে ইউ পি নেতাজনৰ বিৰুদ্ধে প্ৰাৰম্ভিক গোচৰ ৰুজু কৰে। কিন্তু, ইউ পিয়ে সত্যেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰিছে। দিল্লীৰ মন্ত্ৰী তথা আপ নেত্ৰী অতিশী মাৰ্লেনাই দাবী কৰে যে বিজেপিয়ে দিল্লী চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এই সকলোবোৰ কৰিছে।

উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত সত্যেন্দ্ৰক ইডিয়ে ৫০ লাখ টকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, তেওঁ অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল। সত্যেন্দ্ৰই সেই অভিযোগ মানি লোৱা নাছিল। জেললৈ যোৱাৰ পাছৰে পৰা সত্যেন্দ্ৰই বাৰে বাৰে নিজৰ অসুস্থ বুলি দাবী কৰি আহিছে। ইয়াৰ পাছত জেলত অসুস্থ হৈ পৰে। তিহাৰ জেলৰ শৌচাগাৰত অজ্ঞান হৈ পৰিল দিল্লীৰ প্ৰাক্তন স্বাস্থ্য আৰু কাৰাগাৰ মন্ত্ৰীগৰাকী। ইয়াৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। একে সময়তে সত্যেন্দ্ৰই অসুস্থতাৰ কাৰণে উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনায়। উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে যদিও পাছত পুনৰ জেললৈ যাব লগা হয়।