NORTHEAST NOW (Assamese)
অসম

চৰকাৰী কৰ্মচাৰীসকলে এতিয়া RSS কৰিব পাৰিব; ৫৮ বছৰ পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2024 11:05 am

চৰকাৰী কৰ্মচাৰীসকলে এতিয়া আৰু পাঁচটা সামাজিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। এই সন্দৰ্ভত ১৯৬৬ চনত ইন্দিৰা গান্ধী চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই অৱগত কৰিছে এই খবৰ। প্ৰসংগক্ৰমে অহা বছৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবাৰ্ষিকী। সেইবাবেই চৰকাৰী নিষেধাজ্ঞা উঠাই লোৱা বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে নিষেধাজ্ঞা কাগজ-পত্ৰৰ মাজতে সীমাবদ্ধ আছিল। ১৯৬৬ চনত আৰ এছ এছৰ বিৰুদ্ধে কিছুমান আপত্তিজনক কামত লিপ্ত হোৱাৰ অভিযোগত এই সিদ্ধান্ত লোৱা হৈছিল।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। গান্ধীৰ হত্যাৰ পিছত গৃহমন্ত্ৰী বল্লভভাই পেটেলে আৰ এছ এছক নিষিদ্ধ কৰিছিল বুলি দলৰ নেতা জয়ৰাম ৰমেশে প্ৰকাশ কৰিছে। পিছত সেয়া প্ৰত্যাহাৰ কৰা হয়।

কিন্তু ইন্দিৰা গান্ধীয়ে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰা নাছিল অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে। নিশ্চয় ইয়াৰ আঁৰত এটা কাৰণ আছিল। কোৱা বাহুল্য যে বিজেপি নেতৃত্বই নৰেন্দ্ৰ মোডী চৰকাৰৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে।

ইমানদিনে নিষেধাজ্ঞাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ইচ্ছা কৰিলেও এই হিন্দু জাতীয়তাবাদী সংগঠনৰ সদস্য হ’ব পৰা নাছিল। শেহতীয়াকৈ কলকাতা উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে অৱসৰৰ দিনটোত কৈছিল যে তেওঁ এই সেৱাত যোগদান কৰাৰ আগতে আৰ এছ এছত যোগদান কৰিছিল। এতিয়া পুনৰ সেই সংগঠনটোৰ সৈতে জড়িত হ’ব।