NORTHEAST NOW (Assamese)
অসম

তিনিদিনত উদ্ধাৰ ২৭৬ টা মৃতদেহ! ৱায়ানাডত এতিয়াও বহু সন্ধানহীন; ধ্বংসাৱশেষৰ মাজত চলিছে অবিৰত অভিযান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 1, 2024 9:43 am

কেৰালাৰ ৱায়ানাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা বহুত বাঢ়িছে। ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ২৭৬ লৈ বৃদ্ধি পাইছে। বেচৰকাৰী তথ্য মতে এই সংখ্যা আৰু অধিক। এতিয়াও ধ্বংসাৱশেষৰ তলত পোত খাই পৰা ২২৭ জন সন্ধানহীন হৈ আছে। কেইবাশ লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

ইপিনে, ধাৰাসাৰ বৰষুণৰ মাজত উদ্ধাৰ অভিযান অব্যাহত আছে। এনে পৰিস্থিতিত আজি বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে সৰ্বদলীয় বৈঠক আহ্বান কৰে। সকলো মন্ত্ৰী, বিধায়ক, নেতাক সেই বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে। পিনাৰায় বিজয়নে ৰাজ্যত দুদিনীয়া শোকৰ আহ্বান জনাইছে।

লগতে পঢ়কঃ ‘বীমাৰ কিস্তিত প্ৰত্যাহাৰ কৰক জি এছ টি’, দাবী তুলি সীতাৰমণলৈ গাডকাৰীৰ চিঠি

আনহাতে, কংগ্ৰেছ নেতা তথা ৱায়ানাদৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে আজি বিধ্বস্ত ৱায়ানাড ভ্ৰমণ কৰিব। প্ৰিয়ংকা গান্ধীও ৰাহুলৰ লগত যাব। তেওঁলোকে সমগ্ৰ অঞ্চলটো ভ্ৰমণ কৰিব।

জানিব পৰা মতে, ৱায়ানাডৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা হাজাৰ হাজাৰ টন শিল আৰু মাটিৰ স্তূপবোৰ খান্দি উলিওৱাটো প্ৰচণ্ড বৰষুণৰ মাজতে অতি কঠিন হৈ পৰিছে। কিন্তু উদ্ধাৰকাৰী দলৰ সদস্যসকলে এক মুহূৰ্তৰ বাবেও থমকি ৰোৱা নাই। মুণ্ডক্কাই, মেপ্পাদি আৰু চুৰামালা অঞ্চলত তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি কাম কৰি আছে।

ইপিনে, বিধ্বস্ত অঞ্চলত বৰষুণ বন্ধ হোৱা নাই। আজি গোটেই দিনটো ৱায়ানাড আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তাৰ লগতে প্ৰচণ্ড বতাহ বলিব পাৰে বুলিও কোৱা হৈছে।