NORTHEAST NOW (Assamese)
অসম

পেৰিছত পদক জয়ৰ হেট্ৰিক নহ’ল; অলিম্পিকৰ অন্তিম ইভেণ্টত চতুৰ্থ স্থানত থাকিল মনু ভাকেৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2024 2:36 pm

পেৰিছ অলিম্পিকত তৃতীয়টো পদক লাভ কৰিবলৈ সক্ষম নহ’ল মনু ভাকেৰ। ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান দখল কৰে। সেইদৰে নতুন ইতিহাস সৃষ্টি কৰা নহ’ল মনুৰ।

ভাল আৰম্ভণিৰ পিছতো অষ্টম ৰাউণ্ডৰ বিফলতাৰ বাবে মনুৱে পদক হেৰুৱাবলগীয়া হয়। ইয়াৰ পূৰ্বে দুটাকৈ পদক লাভ কৰাৰ পাছত ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তেওঁক লৈ যথেষ্ট আশাৰ সৃষ্টি হৈছিল।

মনু আৰু হাংগেৰীৰ ভেৰ’নিকা মেজৰ দুয়োগৰাকীয়ে অষ্টম ৰাউণ্ডৰ পিছত ২৮ পইণ্ট লাভ কৰে। টাইব্ৰেকাৰত জয়ী হ’ব নোৱাৰিলে মনু। ভাৰতীয় শ্বুটাৰগৰাকীয়ে পাঁচটা শ্বটৰ ভিতৰত তিনিটা শ্বটত টাৰ্গেটত আঘাত কৰিব নোৱাৰিলে। তেওঁ চতুৰ্থ স্থানত থাকে। মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ভেৰ’নিকাই। এই ইভেণ্টত দক্ষিণ কোৰিয়াৰ জিন ইয়াঙে সোণৰ পদক লাভ কৰে। ফ্ৰান্সৰ কেমিল জেডজেস্কিয়ে লাভ কৰে ৰূপৰ পদক।

লগতে পঢ়কঃ ৱায়নাডৰ ১০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছে; ঘোষণা ৰাহুল গান্ধীৰ

এই ইভেণ্টৰ অন্যতম পদকৰ দাবীদাৰ আছিল মনু। ফাইনেলত তেওঁ এটা সময়ত দ্বিতীয় স্থানলৈ উঠি আহিছিল। তেওঁ ইয়াঙৰ পৰা ১ পইণ্ট পিছ পৰি আছিল। কিন্তু অষ্টম ৰাউণ্ডত তিনিটা শ্বটত টাৰ্গেট মিছ কৰি পিছ পৰি ৰ’ল। শেষত তাৰ মূল্য দিব লগা হ’ল। এইবাৰ অলিম্পিকত অন্তিমটো ইভেণ্টত পদক হেৰুৱাই হতাশ হৈ পৰিছে মনু। মানি লৈছে যে চাপৰ বাবে তেওঁ আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলে। হয়তো শেষৰ কেইমিনিটমানত আশাৰ চাপ চম্ভালিব পৰা নাছিল।

এই অলিম্পিকৰ পূৰ্বে শ্বুটিঙত ভাৰতৰ পদকৰ সংখ্যা আছিল চাৰিটা। আৰু ভাৰতে এই অলিম্পিকত কেৱল শ্বুটিংৰ পৰা তিনিটা পদক লাভ কৰিছে। মনুৱে ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত মনুৱে সৰবজ্যোত সিঙৰ সৈতে দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

লগতে পঢ়কঃ কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে

স্বাধীনতাৰ পাছত মনুৱে ইতিমধ্যে একেখন অলিম্পিকতে দুটাকৈ পদক লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। শনিবাৰে যদি পদক লাভ কৰিলেহেঁতেন তেন্তে একেখন অলিম্পিকতে তিনিটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈ এক নতুন ইতিহাসৰ সৃষ্টি হ’লহেঁতেন।