• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 3, 2024 11:14 am
1.4k
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশৰ অন্যতম পুৰণি ব্যৱসায়িক গোট হৈছে টাটা গ্ৰুপ। সময়ৰ লগে লগে টাটা গ্ৰুপে বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। আজি গ্ৰুপটোৱে নিমখ উৎপাদনৰ পৰা আৰম্ভ কৰি বিমান সেৱালৈকে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে। কিন্তু আজি টাটা গ্ৰুপে যি স্তৰত উপনীত হৈছে, তাৰ কাৰণ হৈছে জে আৰ ডি টাটা আৰু ৰতন টাটাৰ বছৰ বছৰ ধৰি কৰা অক্লান্ত প্ৰচেষ্টা।

এনে পৰিস্থিতিত বহুতে জানিব বিচাৰে ভৱিষ্যতে টাটা গ্ৰুপৰ নেতৃত্ব কোনে দিব? বেছিভাগ মানুহেই ইয়াৰ উত্তৰ নাজানিলেও ৩৪ বছৰীয়া মায়া টাটা দেশৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক সাম্ৰাজ্যৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আগৰণুৱা। চৰ্চাৰ কেন্দ্ৰবিন্দুৰ পৰা নিজকে আঁতৰাই ৰাখি মায়া টাটা নিজৰ কামত ব্যস্ত থাকে। সাধাৰণ মানুহটো দূৰৰ কথা, টাটা গ্ৰুপতো তেওঁক চিনি পোৱা মানুহ খুব কম।

লগতে পঢ়কঃ কেন্দ্ৰৰ কঠোৰ সিদ্ধান্ত, বিএছএফৰ ডিজি আৰু তেওঁৰ ডেপুটিক অপসাৰণ

মায়া টাটা কোন? প্ৰসংগক্ৰমে মায়া টাটা সংশ্লিষ্ট গ্ৰুপৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য। আচলতে মায়া প্ৰবীণ উদ্যোগপতি ৰতন টাটাৰ ভতিজী। মায়া টাটাৰ জন্ম হৈছিল নোৱেল টাটা আৰু আলু মিষ্ট্ৰীৰ ঘৰত। তেওঁৰ পিতৃ নোৱেল টাটা ৰতন টাটাৰ সতীয়া ভাতৃ। ইফালে তেওঁৰ মাতৃ আলু মিষ্ট্ৰী টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত চাইৰাছ মিষ্ট্ৰীৰ ভগ্নী। চাইৰাছ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেড আৰু ষ্টাৰলিং ইনভেষ্টমেণ্ট গ্ৰুপৰ জৰিয়তে টাটা ছন্সৰ ১৮.৪ শতাংশ অংশীদাৰিত্ব মিষ্ট্ৰী পৰিয়ালে লাভ কৰিছে। টাটা ছন্সৰ এই অংশীদাৰিত্বৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে মায়াই টাটা গ্ৰুপৰ নেতৃত্ব দিব পাৰে বুলি অনুমান কৰা হৈছে।

ইফালে, মায়াই কম বয়সৰ সত্ত্বেও ইতিমধ্যে টাটা গ্ৰুপত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে। মায়াই ব্ৰিটেইনৰ ৱাৰউইক বিশ্ববিদ্যালয় আৰু বেইজ বিজনেছ স্কুলত অধ্যয়ন কৰিছিল। তাতেই তেওঁ ব্যৱসায়ৰ জটিল জগতখন বুজিবলৈ প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিছিল। ইতিমধ্যে তেওঁ টাটা কেপিটেলৰ ফ্লেগশ্বিপ প্ৰাইভেট ইকুইটি ফাণ্ড টাটা অপাৰ্চনিটিজ ফাণ্ডৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে। তাত তেওঁ পৰ্টফলিঅ’ পৰিচালনা আৰু বিনিয়োগকাৰী সম্পৰ্কত পাৰদৰ্শিতা দেখুৱাইছে।

কেৱল সেয়াই নহয়, টাটা ডিজিটেলত কাম কৰাৰ সময়ত মায়াই টাটা নিউ এপ মুকলি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেইটো আছিল গোটেই গ্ৰুপটোৰ বাবে এক ডাঙৰ কৃতিত্ব। গ্ৰুপটোৱে (টাটা গ্ৰুপ) তেওঁৰ দায়িত্ব ল’বলৈ আৰু সফলতা লাভ কৰিবলৈ লোৱা পদক্ষেপক আওকাণ কৰা নাছিল। বৰ্তমান তেওঁ টাটা মেডিকেল চেণ্টাৰ ট্ৰাষ্টৰ ছয়জন ব’ৰ্ডৰ সদস্যৰ ভিতৰত অন্যতম।

লগতে পঢ়কঃ বিতৰ্কৰ পিছত এন টি এয়ে ঘোষণা কৰিলে UGC NET পৰীক্ষাৰ নতুন তাৰিখ

আনহাতে, ইকনমিক টাইমছৰ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত টাটা গ্ৰুপত মায়াৰ প্ৰভাৱ বৃদ্ধিৰ কথা কোৱা হৈছে। সেই প্ৰতিবেদনত কোৱা হৈছে যে তেওঁ লাহে লাহে ডাঙৰ ডাঙৰ দায়িত্ব ল’বলৈ সাজু হৈছে। তেওঁৰ সূক্ষ্ম অথচ আকৰ্ষণীয় উপস্থিতিয়ে তেওঁক টাটা সাম্ৰাজ্যৰ ভৱিষ্যতৰ এগৰাকী গুৰুত্বপূৰ্ণ নেত্ৰী হিচাপে চিহ্নিত কৰিছে। টাটা ছন্সৰ এজিএমত মায়াৰ ভূমিকা পৰ্যবেক্ষণ কৰাৰ পিছত অনুমান কৰা হৈছে যে ভৱিষ্যতে যদি মায়াৰ হাতত গ্ৰুপটোৰ বাঘজৰী গতাই দিয়ে তেন্তে তাত আচৰিত হ’বলগীয়া নাই। 

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd