NORTHEAST NOW (Assamese)
দেশ

ক্ষমতালৈ আহিলে বিহাৰত খোলা হ’ব সুৰাৰ বিপনী : ঘোষণা প্ৰশান্ত কিশোৰৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 11, 2024 12:33 pm

প্ৰশান্ত কিশোৰে আৰম্ভ কৰিছে নতুন ৰাজনৈতিক দল। নিজাকৈ খুলিছে জনতা সূৰজ নামৰ এটা দল। প্ৰশান্ত কিশোৰৰ দলৰ প্ৰথম পৰীক্ষা হ’ব বিহাৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনী ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আগতে ডাঙৰ প্ৰতিশ্ৰুতি প্ৰশান্ত কিশোৰৰ। প্ৰশান্ত কিশোৰ ক্ষমতালৈ আহিলে ‘ড্ৰাই ষ্টেট’ বিহাৰত সুৰাৰ নিষেধাজ্ঞা উঠাই লোৱাৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে অহা ২ অক্টোবৰ গান্ধী জয়ন্তীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ৰাজনৈতিক দলটো।

দলৰ আত্মপ্ৰকাশৰ পূৰ্বে প্ৰশান্ত কিশোৰে কয় যে ক্ষমতালৈ অহাৰ এঘণ্টাৰ ভিতৰত আবকাৰী নীতি সলনি কৰা হ’ব। বিহাৰত সুৰাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব। তেওঁৰ দাবী, সুৰা নিষিদ্ধ কৰি চৰকাৰে কোনো সুবিধা পোৱা নাই। বৰং ক্ষতি হৈছে। বিশ্বৰ বহু দেশে এনে নিয়ম গ্ৰহণ কৰিছে।

প্ৰশান্ত কিশোৰে কয় যে, “নীতিশ কুমাৰ আৰু তেওঁৰ অনুগামীসকলে কৈছে যে গান্ধীজীয়ে মদ নিষিদ্ধ কৰাৰ কথা কৈছিল।” মই দুবছৰ ধৰি কৈ আহিছো, আৰু এতিয়াও কৈ আছো যে গান্ধীজীয়ে যদি ক’ৰবাত চৰকাৰে সুৰা নিষিদ্ধ কৰিবলৈ আইন বনাব লাগে বুলি কৈছিল, তেন্তে মই নীতিশ কুমাৰৰ ভৰি চুই ক্ষমা খুজিবলৈ সাজু আছোঁ।”

২০২৫ চনত বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ জেডিইউয়ে ২০খন আসনও নাপাব বুলিও দাবী কৰিছে প্ৰশান্ত কিশোৰে।