NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, আহত দুজন

Posted by: ৰাজীৱ দত্ত May 23, 2018 3:38 pm
accident at janji in assam's sivasagar

শিৱসাগৰ ( Sivasagar ) জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ২৩ মে’ৰ পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত গৌৰীশংকৰ শইকীয়া আৰু প্ৰাচুৰ্য্য গোস্বামী নামৰ দুজন লোক গুৰুতৰভাৱে আহত হয়।

দুয়োগৰাকী আহত ব্যক্তিকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত শিৱসাগৰ দিশৰ পৰা অহা এ এচ ০৩জি ৮৩৭২ নম্বৰৰ আই ১০ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এ এচ ০৩আৰ ০০১৮ নম্বৰৰ স্কুটীখনত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত স্কুটিখনৰ চালক জাঁজী বামুণপুখুৰী বৰাগাঁৱৰ গৌৰীশংকৰ শইকীয়া আৰু গাড়ীখনৰ চালক দিখৌমুখৰ প্ৰাচুৰ্য্য গোস্বামী আহত হয়।