NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতি আৰু ধন সৰবৰাহৰ অপৰাধত পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২০ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2024 12:24 pm

দক্ষিণ আমেৰিকাৰ দেশ পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোক ২০ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। পেৰুৰ এখন আদালতে তেওঁক দুৰ্নীতি আৰু ধন সৰবৰাহৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৭৮ বছৰীয়া টলেডো ২০০১ চনত পেৰুৰ ৰাষ্ট্ৰপতি হৈছিল।

বাতৰি অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোৱে ব্ৰাজিলৰ এটা নিৰ্মাণ কোম্পানীৰ পৰা ৩৫ মিলিয়ন ডলাৰৰ উৎকোচ লৈছিল বুলি প্ৰচিকিউটৰসকলে জনায়। পিছত ব্ৰাজিলৰ এই প্ৰতিষ্ঠানটোক দক্ষিণ পেৰুত এটা পথ নিৰ্মাণৰ দায়িত্ব দিয়া হয়।

বিবিচিৰ তথ্য অনুসৰি ৭৮ বছৰীয়া আলেজান্দ্ৰ’ টলেডোৱে ২০০১ চনৰ পৰা ২০০৬ চনলৈকে পেৰুৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাঁচ বছৰ পূৰ্বে তেওঁক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়কঃ হাছিনাৰ পদত্যাগৰ কোনো নথি নাই! বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ কি প্ৰত্যুত্তৰ আইনী উপদেষ্টাৰ?

তেওঁ তাত বহু বছৰ ধৰি বাস কৰি আছিল। পিছত যোৱা বছৰ তেওঁক পেৰুলৈ প্ৰত্যৰ্পণ কৰা হৈছিল।

ইফালে ব্ৰাজিলৰ কোম্পানী অডেব্ৰেক্টে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ লেটিন আমেৰিকা আৰু আমেৰিকাৰ বিষয়াসকলক লাখ লাখ টকা উৎকোচ দিয়াৰ কথা স্বীকাৰ কৰিছে।