• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাছিনাৰ পদত্যাগৰ কোনো নথি নাই! বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ কি প্ৰত্যুত্তৰ আইনী উপদেষ্টাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2024 10:48 am
বাংলাদেশৰ  ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিন আৰু ক্ষমতাচ্যুত  প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফাইল ফটোঃ সংগ্ৰহীত।

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিন আৰু ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কৰা মন্তব্যক লৈ বাংলাদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বহু বিচাৰ-খোচাৰ পিছতো শ্বেখ হাছিনাৰ পদত্যাগৰ পত্ৰ নাপালে বুলিও কয় ছাহাবুদ্দিনে। তেওঁ লগতে কয় যে ধাৰণা হয় হাছিনাই পদত্যাগ পত্ৰ জমা দিবলৈ সময় নাপালে।

তেওঁৰ এই মন্তব্যক লৈ চুবুৰীয়া দেশখনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। হাছিনাই দেশ এৰি যোৱাৰ পিছত তেওঁৰ পুত্ৰ ছজিব আহমেদ জয়েও হাছিনাই পদত্যাগ নকৰা বুলি দাবী কৰে। ছাহাবুদ্দিনৰ কথাৰ অৰ্থ হ’ল হাছিনাই এতিয়াও কাগজে-পত্ৰই বাংলাদেশৰ প্ৰধানমন্ত্ৰী। আৰু তত্বাৱধায়ক চৰকাৰখন অবৈধ।

ছাহাবুদ্দিনৰ মন্তব্য ওলোৱাৰ পিছতে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লয় তত্বাৱধায়ক চৰকাৰৰ আইনী উপদেষ্টা অধ্যাপক আছিফ নাজৰুলে। তেওঁ স্পষ্ট কৰে যে ছাত্ৰ-জনতা আন্দোলনত ক্ষমতাচ্যুত হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ সন্দৰ্ভত ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে দিয়া মন্তব্য ‘মিছা’।

Apply Now

লগতে পঢ়কঃ দিল্লী বিমানবন্দৰত যুৱতীৰ জিম্মাৰ পৰা উদ্ধাৰ ১৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ

তেওঁৰ ভাষাত ৰাষ্ট্ৰপতিয়ে নিজেই ৫ আগষ্টৰ নিশা ১১:২০ বজাত তিনিজন সেনা প্ৰধানক লৈ দেশবাসীক জনাইছিল যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ তেওঁক জমা দিছে আৰু তেওঁ সেই পত্ৰ গ্ৰহণ কৰিছে। গতিকে তেওঁৰ শেহতীয়া মন্তব্য তেওঁৰ শপত উলংঘাৰ প্ৰমাণ।

‘মানব জমিন’ কাকতৰ ৰাজনৈতিক আলোচনী ‘জনতা চোখ’ৰ সৈতে এক দীঘলীয়া সাক্ষাৎকাৰ দিছে ছাহাবুদ্দিনে। দেওবাৰে সেয়া প্ৰকাশ পাইছে। ৫ আগষ্টত হাছিনাই দেশ এৰি গুচি যায়। ছাহাবুদ্দিনে সেইদিনাৰ ঘটনাৰ ওপৰত আলোকপাত কৰিছে।

তেওঁৰ ভাষাত “সেইদিনা পুৱা ১০:৩০ বজাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ ফোন আহে। তাত কোৱা হয় যে প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব বিচাৰে। তেনেকৈয়ে আৰম্ভ হয় প্ৰস্তুতি। প্ৰায় এঘণ্টাৰ পিছত এটা ফোনত প্ৰধানমন্ত্ৰী নাহে বুলি কোৱা হয়।”

তাৰ পিছতে ৰাষ্ট্ৰপতি ছাহাবুদ্দিনে আৰু ডাঙৰ তথ্য ফাদিল কৰে। তেওঁ লগতে কয় যে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে প্ৰথমে টেলিভিছনত হাছিনাৰ পদত্যাগ ঘোষণা কৰিছিল। সেই ৱাকাৰেও হেনো তেওঁক কৈছিল, “হাছিনাৰ পদত্যাগৰ কথা মইও শুনিছো।”

লগতে পঢ়কঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকৰ মৃত্যু

ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে তত্বাৱধায়ক চৰকাৰৰ হৈ চাফাই দিছে। তেওঁ কয় যে মহম্মদ ইউনুছৰ নেতৃত্বত তত্বাৱধায়ক চৰকাৰ গঠনত কোনো অবৈধ কথা নাই। তেওঁৰ ভাষাত আচল কথাটো হ’ল প্ৰধানমন্ত্ৰীয়ে দেশ এৰি গৈছে। হাছিনাই দেশ এৰি যোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিছিলোঁ। যোৱা ৮ আগষ্টত তেতিয়াৰ মুখ্য ন্যায়াধীশ ওবাইদুল হোছেইনে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব পৰা যাব বুলি পৰামৰ্শ দিছিল।

তেওঁ জনাইছিল যে সাংবিধানিক সংকট অতিক্ৰম কৰাৰ পিছত এই চৰকাৰে নিজৰ প্ৰশাসনিক কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd