NORTHEAST NOW (Assamese)
Popular Stories

ডিমৌত সঘনাই গৰু চুৰি হৈ থকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী; ছয় জাতীয় সংগঠনৰ লগত ভূক্তভোগী ৰাইজৰ উত্তাল প্ৰতিবাদ

Posted by: পাৰ্শ্ব জ্যোতি গগৈ Updated by: পাৰ্শ্ব জ্যোতি গগৈ November 7, 2024 6:40 pm

গৰু চিণ্ডিকেটৰ লগত বিজেপি চৰকাৰৰ অঙহী-বঙহি জড়িত থকাৰ অভিযোগ প্ৰতিবাদ কাৰীৰ।

গৰু চিণ্ডিকেটৰ পইচাৰ ভাগ মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ মানুহলৈ যায় : আটাছু।

চুৰক গ্ৰেপ্তাৰ কৰাৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা আৰক্ষী প্ৰশাসনক।

ডিমৌত গৰু চুৰি চক্ৰক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত ডিমৌত উত্তাল প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।

ডিমৌৰ নিতাই-পানিদিহিং অঞ্চলৰ ৰাইজৰ উদ্যোগত ডিমৌৰ ছটা বিভিন্ন দল সংগঠনৰ সহযোগত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উল্লেখ্য যে ডিমৌ, নিতাই-পানিদিহিং মৌজাৰ বিভিন্ন স্থানৰ পৰা সঘনাই গৰু চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে যাৰ ফলত ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে। ধৈৰ্যৰ বান্ধ চিঙি ৰাইজ আজি ওলাই আহিল ৰাজপথলৈ আৰু শীঘ্ৰে গৰু চুৰক কৰায়ত্ব কৰাৰ বাবে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ডিমৌৰ ৰাষ্ট্ৰীয় ঘাই পথ উত্তাল কৰি তোলে। এতিয়া স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে এই প্ৰতিবাদৰ পাছত কি ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।