লগ্ন ৰক্ষা! দৰাৰ অনুৰোধত ৰে’ল মন্ত্ৰীৰ সঁহাৰি; পলমকৈ এৰিলে শৰাইঘাট, দৰাযাত্ৰী পালে গুৱাহাটীৰ ৰভাতলী

লগ্ন উকলি নগ’ল কইনাৰ। আৰু কোনোমতে ট্ৰেইন ধৰি স্বস্তি এৰিলে দৰাই। যাত্ৰা নিশ্চিত হ’ল দৰাযাত্ৰীৰো। নহ’বইবা কিয়? স্বয়ং ৰে’ল মন্ত্ৰীগৰাকীয়েই আগবঢ়ালে সহায়ৰ হাত! তেওঁৰ উদ্যোগ আৰু সৌজন্যতাৰ বাবে এই যাত্ৰাত বিয়াখন একপ্ৰকাৰ সম্ভৱ হৈ উঠিল!
দৰাচলতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লৰ ব্যৱস্থা কৰি সময়মতে কইনাৰ ঘৰ পোৱাৰ ব্যৱস্থা কৰিছিল। শুকুৰবাৰে ৰে’লৱেৰ এই অভিনৱ ‘বিবাহ বান্ধৱ’ সিদ্ধান্তৰ বাবেই শনিবাৰে সময়মতে গুৱাহাটীত চাৰিখন হাত সুকলমে একত্ৰিত হ’ল।
ঘটনা অনুসৰি, শুকুৰবাৰে ইতিমধ্যে তিনি ঘণ্টা পলমকৈ চলি আছিল হাওৰা অভিমুখী গীতাঞ্জলি এক্সপ্ৰেছ। আৰু সেই ৰে’লত হাওৰালৈ আহি আছিল দৰাসহ-দৰাযাত্ৰী। হাওৰা আহিয়েই শৰাইঘাট এক্সপ্ৰেছত উঠাৰ কথা। গন্তব্যস্থান গুৱাহাটীৰ কইনাৰ ঘৰ।
লগতে পঢ়কঃ আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেঞ্চৰ ভাতৃ আনমোল বিষ্ণোই; আছে অপৰাধৰ দীঘলীয়া তালিকা
হাওৰাৰ পৰা শৰাইঘাট এক্সপ্ৰেছৰ নিৰ্ধাৰিত সময় সন্ধিয়া ৪.০৫ বজাত। কিন্তু বাটত পলম হোৱাৰ বাবে গীতাঞ্জলি এক্সপ্ৰেছ ৩:৩০ বজাত সাতাৰগাচীত উপস্থিত হয়। দৰা চন্দ্ৰশেখৰ বাঘা আৰু ৩৫ জন দৰাযাত্ৰী বৰ চিন্তিত হৈ পৰিল। হাওৰা কেনেকৈ পাব? টিকিয়াপাৰাৰ পৰা হাওৰালৈ আহি পাবলৈ অতিৰিক্ত সময় লাগে কাৰণ সাতাৰাগাচীৰ পৰা হাওৰালৈ একক লাইন। ফলত শৰাইঘাট এক্সপ্ৰেছ হাতৰ পৰা ওলাই যোৱাৰ শংকাত তেওঁলোক উদ্বিগ্ন হৈ পৰে।
দৰা মুম্বাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। টুইটাৰযোগে তেওঁ ৰে’ল মন্ত্ৰীক খৰধৰকৈ বিষয়টো অৱগত কৰে। ৰে’ল মন্ত্ৰীও বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি হাওৰাৰ ডি আৰ এম সঞ্জীৱ কুমাৰক সহযোগ কৰিবলৈ কয়। সঞ্জীৱ লগে লগে কামত লাগিল। খৰগপুৰৰ জ্যেষ্ঠ ডি অ’ এম-এ লাইন ক্লিয়াৰ কৰি গীতাঞ্জলি এক্সপ্ৰেছ হাওৰালৈ ক্ষিপ্ৰ প্ৰৱেশৰ ব্যৱস্থা কৰিবলৈ কয়। ইয়াৰ পিছত একক লাইন হোৱাৰ বাবে আপৰ ট্ৰেইন কিছু নিয়ন্ত্ৰণত ৰাখি গীতাঞ্জলি এক্সপ্ৰেছখন পোনে পোনে হাওৰালৈ অনা হয়।
বিয়লি ৩.৫৫ বজাত হাওৰা নিউ কমপ্লেক্সত উপস্থিত হয় ৰে’লখন। তাৰ পৰাই হাওৰাৰ জ্যেষ্ঠ ডিচিএম ৰাহুল ৰঞ্জনৰ নেতৃত্বত গ্ৰীণ কৰিডৰ সৃষ্টি কৰি পুৰণি কমপ্লেক্সত উপস্থিত হ’ল। ইতিমধ্যে সংশ্লিষ্ট ডবাটোৰ সন্মুখত পাঁচখন বেটাৰী গাড়ী উপস্থিত আছিল। দৰাৰ লগতে দৰাযাত্ৰীসকলকো খৰখেদাকৈ ৮ নং প্লেটফৰ্মলৈ অনা হ’ল। য’ৰ পৰা শৰাইঘাট এক্সপ্ৰেছ বিয়লি ৪.০৫ বজাত যাত্ৰা কৰাৰ কথা।
লগতে পঢ়কঃ আলিয়া-দীপিকা নহয় কোন এইগৰাকী সৰ্বোচ্চ মাচুল লোৱা ভাৰতীয় অভিনেত্ৰী? সবিশেষ
জ্যেষ্ঠ ডিচিএম ৰাহুল ৰঞ্জনে কয় যে দৰাৰ সৈতে শৰাইঘাট এক্সপ্ৰেছখন হাওৰা এৰাত পাঁচ-সাত মিনিট পলম হৈছিল। ৰে’ল মন্ত্ৰীকে ধৰি ৰে’ল বিভাগৰ বিষয়াসকলৰ মানৱীয়তাক লৈ দৰাপক্ষ অতিশয় সুখী। বিয়াখনলৈ বিষয়াসকলকো নিমন্ত্ৰণ জনায়। শনিবাৰে চন্দ্ৰশেখৰৰ বিবাহ সুকলমে সম্পন্ন হয়।
গুৱাহাটীৰ পৰা এম টেক কৰাৰ সময়তে তেওঁৰ কইনাৰ সৈতে পৰিচয়। তাৰ পৰাই প্ৰেম আৰু শেষত বিয়া। চন্দ্ৰশেখৰে বিয়াখন নিৰ্বিঘ্নে সম্পন্ন হোৱাৰ পিছত ৰে’ল মন্ত্ৰী আৰু ৰে’ল বিভাগৰ বিষয়াসকলৰ সহযোগিতাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।