NORTHEAST NOW (Assamese)
অসম

বিগত দুবছৰত সৰ্বনিম্ন দেশৰ জিডিপি বৃদ্ধিৰ হাৰ; ৫.৪ শতাংশলৈ পালে হ্ৰাস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2024 9:07 am

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাইছে। শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰে এনে এক প্ৰতিবেদন। য’ত দাবী কৰা হৈছে যে দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্থাৎ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে ৫.৪ শতাংশলৈ হ্ৰাস পাইছে। যিটো যোৱা দুবছৰৰ ভিতৰত আটাইতকৈ কম।

২০২৩-২৪ বিত্তীয় বৰ্ষত এই ত্ৰৈমাসিকত ভাৰতৰ বিত্তীয় বৃদ্ধিৰ হাৰ আছিল ৮.১ শতাংশ। আৰু এই বছৰৰ প্ৰথম ত্ৰৈমাসিকত অৰ্থাৎ এপ্ৰিলৰ পৰা জুনলৈকে জিডিপি আছিল ৬.৭ শতাংশ। এই পৰিস্থিতিত অনুমান কৰা হৈছিল যে দ্বিতীয় ত্ৰৈমাসিকত এই পৰিমাণ আৰু হ্ৰাস পাব পাৰে। কিন্তু সেয়া ৫.৪ শতাংশলৈ নামি যাব পাৰে বুলি অনুমান কৰা হোৱা নাছিল।

শুকুৰবাৰে এন এছ অ’ৰ প্ৰতিবেদন ওলোৱাৰ পিছতে স্বাভাৱিকতে চাপত পৰিছে মোডী চৰকাৰ। জনা গৈছে যে উৎপাদন, কৃষি আৰু সেৱা খণ্ডৰ প্ৰত্যাশিত বৃদ্ধি নোহোৱাৰ লগতে আশা কৰা ধৰণে বিনিয়োগ নহাৰ ফলতে এয়া ঘটিছে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ইক্ৰা নামৰ এটা সংস্থাই ভাৰতৰ জিডিপিৰ ভৱিষ্যদ্বাণী কৰিছিল। য’ত দাবী কৰা হৈছিল যে জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এই ত্ৰৈমাসিকত দেশৰ জিডিপি ৬.৫ শতাংশ হ্ৰাস পাব পাৰে। কেন্দ্ৰৰ বিত্তীয় পৰিক্ৰমা বিভাগৰ সচিব অজয় ​​শেঠেও এই দাবীত একমত পোষণ কৰিছিল।

কিন্তু বাস্তৱত দেশৰ বিত্তীয় সূচকত পাৰাৰ অভাৱনীয় নিম্নগতিয়ে কেন্দ্ৰৰ উদ্বেগ বৃদ্ধি কৰি তুলিছে। ইয়াৰ পূৰ্বে মন্দাৱস্থাৰ সময়ত ২০২২-২৩ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত (অক্টোবৰ-ডিচেম্বৰ) জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.৩ শতাংশ। যোৱা ২ বছৰৰ ভিতৰত এইটোৱেই হৈছে সৰ্বনিম্ন।

দেশৰ জিডিপিৰ বাবে এনে বেয়া খবৰৰ মাজতে আশাৰ কথাটো হৈছে অৰ্থনীতিৰ অৱনতি ঘটিলেও আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ শীৰ্ষত আছে ভাৰত। দ্বিতীয় ত্ৰৈমাসিকত চীনৰ জিডিপি ৪.৬ শতাংশ বৃদ্ধি পাইছে। কিন্তু চীনৰ অৰ্থনৈতিক কাৰ্যকলাপৰ পৰিসৰ ভাৰততকৈ বহু বেছি। সেয়ে, বৃদ্ধিৰ হাৰৰ শতাংশ হিচাপে দুয়োখন দেশৰ অৰ্থনৈতিক মূল্যায়ন সম্ভৱ নহয়।