NORTHEAST NOW (Assamese)
Popular Stories

শীতত গাটো গৰমাই ল’বৰ বাবে সুৰা সেৱন কৰাটো কিমান উপযোগী?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 17, 2024 9:55 pm

বহুতেই গৰমত গা শাঁত পেলাবলৈ বীয়েৰ আৰু ঠাণ্ডাত গাটো গৰম কৰিবলৈ ৰাম বা হুইস্কী সেৱন কৰে। কিন্তু আপুনি জানেনে এই কথা কিমান যুক্তিসংগত?

অতিমাত্ৰা শীতত মদ খালে হ’ব পৰা কেইটামান শাৰীৰিক সমস্যাৰ বিষয়ে জানো আহক –

ক) হাইপ’থাৰ্মিয়া

মদ্যপানে আপোনাক উষ্ণ অনুভৱ কৰাব পাৰে। কিন্তু আচলতে ই আপোনাৰ শৰীৰৰ মূল উষ্ণতা হ্ৰাস কৰে আৰু হাইপ’থাৰ্মিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।

খ) ডি-হাইড্ৰেশ্যন

মদে আপোনাক সঘনাই প্ৰস্ৰাৱ কৰিবলৈ বাধ্য কৰে। যাৰ ফলত ডিহাইড্ৰেচন হ’ব পাৰে। অৰ্থাৎ শৰীৰত পানীৰ পৰিমাণ কমি যাব পাৰে। ই আপোনাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাতো কঠিন কৰি তুলিব পাৰে।

গ) ফ্ৰষ্টবাইট

মদ্যপানে আপোনাৰ শিহৰিত হোৱাৰ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। যিটো আপোনাৰ শৰীৰে উষ্ণতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা এটা উপায়।

ঘ) অত্যধিক মদ্যপান

পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে ঠাণ্ডা অঞ্চলৰ লোকসকলে অত্যধিক মদ্যপান কৰাৰ সম্ভাৱনা বেছি। যাৰ ফলত যকৃতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

স্পষ্টীকৰণ : মদ স্বাস্থ্যৰ বাবে হানিকাৰক। গৰমেই হওক বা ঠাণ্ডাই হওক, পৰাপক্ষত নাখাব।