NORTHEAST NOW (Assamese)
অসম

ৰাজনুছা ফাউণ্ডেইশ্যনৰ উদ্যোগত বৰপেটাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Posted by: শশাংক তালুকদাৰ May 27, 2018 6:21 pm
IMG_20180527_170048

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ ভয়াবহতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বৰপেটা জিলাৰ ঘাটবৰ হালগিৰিঘাটত অ’এনজিচি আৰু ইণ্ডিয়ান ডেণ্টেল এছ’চিয়েশ্যনৰ সহায়ত ৰাজনুছা ফাউণ্ডেইশ্যনে এটা সজাগতা শিবিৰ অনুষ্ঠিত কৰে।

ডাঃ প্ৰতীম তালুকদাৰৰ নেতৃত্বত চলা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আৰম্ভণিতে ডাঃ ৰুপম চৌধুৰীয়ে মুখগহ্বৰৰ কেঞ্চাৰৰ ভয়াবহতা আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

এই শিবিৰত বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ ৰো অধিক ৰোগীয়ে দাতৰ সমস্যা তথা বিভিন্ন ৰোগৰ চিকিৎসা গ্ৰহণ কৰে আৰু তেওঁলোকক বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। দুখীয়া আৰু পিছ পৰা অঞ্চলৰ লোকসকলৰ বাবে আয়োজন কৰা উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰটোত চিকিৎসা প্ৰদান কৰে ডাঃ পংকজ জ্যোতি বৰ্মন, ডাঃ গীতাঞ্জন শৰ্মা, ডাঃ মাধুৰ্য চক্ৰৱৰ্তী, ডাঃ মুকুত শীল আৰু ডাঃ কংকন তালুকদাৰ।

IMG_20180527_170607

মনকৰিবলগীয়া যে ডাঃ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি জনসাধাৰণক মুখৰ স্বাস্থ্যৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কাম কৰি থকাৰ লগতে মুখৰ কেঞ্চাৰৰ পৰা হাত সাৰিবলৈ ক্ষতিকাৰক পদাৰ্থসমূহৰ ভয়াবহতা সম্পৰ্কেও সজাগতা সৃষ্টি কৰি আহিছিল।

উল্লেখযোগ্য যে বজালীৰ বিখ্যাত সমাজকৰ্মী প্ৰয়াত ৰজনী তালুকদাৰৰ পত্নী ঘুনুচা তালুকদাৰ আৰু তেওঁলোকৰ পুত্ৰৰ একান্ত প্ৰচেষ্টাত জন্ম হোৱা সম্পূৰ্ণ বেচৰকাৰী সংস্থা ৰাজনুছা ফাউণ্ডেইশ্যনে আৰম্ভণিৰে পৰা সমাজৰ উন্নয়নৰ বাবে বিভিন্ন দিশত উল্লেখণীয় অৱদান আগবঢ়াই আহিছে।