NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বৃদ্ধৰ দেশলৈ পৰিণত হৈছে জাপান : দেশখনত ১৯.৫ শতাংশলৈ হ্ৰাস পাইছে ২০ বছৰ অনূৰ্ধ্বৰ সংখ্যা

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক January 18, 2025 4:26 pm

বিশ্বৰ বয়স্ক লোকৰ দেশ হ’বলৈ গৈ আছে জাপান, ইটালী আৰু দক্ষিণ কোৰিয়া। তৰুণ-তৰুণীৰ সংখ্যা অভাৱনীয়ভাবে হ্ৰাস পাইছে উক্ত দেশকেইখনত।

বিশেষকৈ জাপানত ১৯.৫ শতাংশলৈ হ্ৰাস পাইছে ২০ বছৰ অনূৰ্ধ্বৰ সংখ্যা।

উক্ত দেশকেইখনৰ উপৰিও চীন দেশতো তৰুণ-তৰুণীৰ সংখ্যা অভাৱনীয়ভাবে হ্ৰাস পাইছে।

বিশেষকৈ জন্মৰ হাৰ কমি অহাৰ বাবেই দেশকেইখনত তৰুণ প্ৰজন্মৰ সংখ্যা কমি যোৱা বুলি জানিবলৈ পোৱা গৈছে। ফলত দেশকেইখন বয়স্ক লোকৰ হাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

দেশকেইখনত নতুন প্ৰজন্মৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে দেশখনত মানৱ সম্পদৰ পৰিমাণ কমি আহিছে। যাৰ বাবে দেশখনত এক আৰ্থিক সমস্যাই গা কৰি উঠিছে।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশকেইখনৰ চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে। জাপানত শেহতীয়াকৈ কৰ্মচাৰীসকলক সন্তান জন্ম দিবৰ বাবে ৪ দিনীয়া কৰ্মসূচীৰ ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিছে। চীন দেশতো প্ৰেম-সংসাৰ-সন্তানৰ প্ৰতি তৰুণ প্ৰজন্মক আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় সমূহত প্ৰেমৰ পাঠ্যক্ৰম প্ৰৱৰ্ত্তন কৰা হৈছে।