NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত দুটা কেঁকোসাপ উদ্ধাৰ : এজন লোকক আটক

Posted by: চভাপতি চামম May 27, 2018 7:37 pm
Assam-Rifles-Seizes-Geckos-In-Manipur-1-266x200

শনিবাৰে মণিপুৰৰ ১০২ নম্বৰ ইম্ফল-ম’ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ খুডেংথাবি তালাচী চকীত ১২ নং আছাম ৰাইফলছৰ এটা দলে বিপন্ন প্ৰজাতিৰ দুটা কেঁকোসাপ সহিতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

এটা গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে খুডেংথাবি তালাচী চকীত KA 03 HP 0970 নম্বৰৰ এখন ৰঙা ৰঙৰ পালছাৰ বাইকত তালাচী চলোৱাৰ সময়তে উক্ত কেঁকোসাপ দুটা জব্দ কৰিবলৈ সক্ষম হয়। ১৪ ইঞ্চি আৰু ১৪.৫ ইঞ্চি দৈৰ্ঘৰ কেঁকোসাপ দুটা কাপোৰেৰে বান্ধি অনা অৱস্থাতে চেইটিনথাং হাওকিপ (২৫) নামৰ সৰবৰাহকাৰীজনক আটক কৰে।

ইফালে আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৱে দুস্প্ৰাপ্য কেঁকোসাপ দুটা সহিতে আটকাধীন লোকজনক টেংনওপাল বন বিভাগক গতাই দিয়ে।

উল্লেখ্য যে অন্ধবিশ্বাসৰ বাবেই বিৰল প্ৰজাতিৰ তথা সংকটাপন্ন কেঁকোসাপৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ গঢ়ি উঠিছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কেঁকোসাপৰ কেইবা লাখ টকা মূল্য বুলি প্ৰচাৰিত খবৰক সাৰথি কৰিয়ে এইদৰে উত্তৰ-পূবত এই বিপন্ন প্ৰজাতিৰ প্ৰাণীবিধক ধৰি বহুজনে ইয়াৰ চোৰাং ব্যৱসায়ত লিপ্ত হৈ আহিছে।