NORTHEAST NOW (Assamese)
অসম

ফটো সম্পাদন কৰিলে গৌৰৱ গগৈৰ : চাইবাৰ অপৰাধ সংঘটিত কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2025 1:23 pm

পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে গৌৰৱ গগৈৰ ভাইৰেল হোৱা ফ’টোখনে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। ফ’টোখনৰ গইনা লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৱলীলাক্ৰমে সাংসদ গৌৰৱ গগৈক আক্ৰমণ অব্যাহত ৰাখিছে। পাকিস্তানৰ উচ্চায়ুক্তক গৌৰৱ গগৈৰ সাক্ষাত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ বাবে ভাবুকি স্বৰূপ বুলিও আওপকীয়াকৈ মুখ্যমন্ত্ৰী শৰ্মা আৰু বিজেপিয়ে ক’বলৈ ধৰিছে। এনে সময়তে গৌৰৱ গগৈয়ে কেতবোৰ ফ’টো ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাক প্ৰত্যুত্তৰ দিছে। যিবোৰ ফ’টোত মুখ্যমন্ত্ৰীৰে অতি ঘণিষ্ঠ সাংবাদিক, শিক্ষাবিদ আৰু বৰ্তমানৰ বিজেপি চৰকাৰ মন্ত্ৰীকো দেখা গৈছে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আক্ৰমণ কৰি কৈছে যে মাননীয় সাংসদগৰাকীয়ে সন্মানীয় ব্যক্তিসকলৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বুজাইছে যে তেওঁলোককো তেওঁৰ সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু এই বৈঠকসমূহক তেওঁৰ পাকিস্তান উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক আৰু তাৰ পাছত কৰা সংসদীয় প্ৰশ্নসমূহৰ সৈতে একাকাৰ কৰিব নোৱাৰি। আমি কৰা সহজ অথচ গুৰুতৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত আছে— পাকিস্তান উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক ভাৰত চৰকাৰৰ সন্মতি সাপেক্ষে হৈছিল নেকি? মাননীয় সাংসদগৰাকীয়ে বৈঠকৰ অন্তত গৃহ মন্ত্ৰ্যালয় বা বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক ইয়াৰ বৰ্ণনা দিছিল নেকি?

বুদ্ধিজীৱী আৰু বিশিষ্ট নাগৰিকৰ ফটো শ্বেয়াৰ কৰি তেখেতে ৰাজহুৱা জবাবদিহিতাক অন্য দিশলৈ ঠেলিবলৈ কৰা অপচেষ্টাই মূল বিষয়টোক প্ৰকৃতাৰ্থত সলনি নকৰে।

মুখ্যমন্ত্ৰীৰ এই নিৰন্তৰ আক্ৰমণৰ মাজতে এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে আন এটা প্ৰসংগ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰা নিৰ্দিষ্ট ফ’টোখন এডিট কৰা হৈছিল নেকি? এডিট কৰি মুখ্যমন্ত্ৰী শৰ্মাই চাইমাবৰ ক্ৰাইম সংঘটিত কৰিছে নেকি? এই প্ৰসংগটোৱে এতিয়া তীব্ৰ মাত্ৰাত চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ব্যৱহাৰ কৰা মূল ফ’টোখন প্ৰশান্ত নাকৱেৰ আৰু এইখন দ্য হিন্দুত প্ৰকাশ পাইছিল।

দ্য হিন্দুৰ ফ’টোখনত কোৱা হৈছে, য়ুথ ফ’ৰাম এণ্ড ফৰেইন পলিচিৰ প্ৰতিষ্ঠাপক গৌৰৱ গগৈ আৰু পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিত। উক্ত অনুষ্ঠানটোত পাকিস্তানৰ উচ্চায়ুক্তই উফা পৰৱৰ্তী পাকিস্তান-ভাৰতৰ সম্পৰ্কৰ বিষয়ে এক বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে ৰাছিয়াৰ উফাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাৱ শ্বৰীফে মিলিত হৈ কেতবোৰ বিষয়ত আলোচনাত মিলিত হৈছিল। উক্ত আলোচনাৰ পাছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ মাজত কেতবোৰ পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছিল। দুই দেশৰ প্ৰধানমন্ত্ৰীৰ সেই আলোচনাৰ পৰৱৰ্তী পৰ্যায়ত দুই দেশৰ দ্বি-পাক্ষিক সম্পৰ্কৰ ওপৰতে গৌৰৱ গগৈৰ উপস্থিতিত য়ুথ ফ’ৰাম এণ্ড ফৰেইন পলিচিৰ সদস্যসকলৰ আগত পাকিস্তানৰ উচ্চায়ুক্তই বক্তৃতা প্ৰদান কৰিছিল। সেই সময়তে প্ৰশান্ত নাকৱেৰ উক্ত ফ’টোখন তুলিছিল, যিখন অনুষ্ঠানৰ পাছত দ্য হিন্দুত প্ৰকাশ পাইছিল।

এতিয়া মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ফ’টোখনকে ফ’টোশ্বপৰ জৰিয়তে এডিট কৰি গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি চৰ্চা চলিছে। এই চৰ্চা যদি সত্য হয় তেনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই আক্ৰমণ ষড়যন্ত্ৰমূলক নেকি সেই প্ৰশ্নও এতিয়া সচেতন লোকৰ মনত উদয় হৈছে। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উত্তৰ গৌৰৱ গগৈয়ে দিব। কিন্তু গৌৰৱ গগৈক ৰাজনৈতিক কেৰিয়াক ধ্বংস কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও চাইমাৰ ক্ৰাইমৰ দৰে অপৰাধৰ আশ্ৰয় লৈছে নেকি? সামাজিক মাধ্যমত চলা চৰ্চা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাও বাধ্য।