NORTHEAST NOW (Assamese)
অসম

জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে ধেমাজিৰ এক সংৰক্ষিত বনাঞ্চল

Posted by: এন ই নাওঁ নিউজ, গুৱাহাটী Updated by: এন ই নাওঁ নিউজ, গুৱাহাটী March 9, 2025 7:30 pm

ধেমাজিৰ জয়ৰামপুৰ পানবাৰী বনাঞ্চলৰ অন্তৰ্গত কাঞ্চন ক’না সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে ব্যাপক অগ্নিকাণ্ড।

প্ৰাপ্ত খবৰ অনুসৰি এই অগ্নিকাণ্ডই ৩০০ বিঘাৰো অধিক বনাঞ্চল আগুৰি ধৰাৰ ফলত বনাঞ্চলখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি হৈছে।

ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হৈছে আৰু তেওঁলোকে সক্ৰিয়ভাৱে অগ্নি নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে।

যদিও এই ঘটনাৰ সবিশেষ জানিব পৰা হোৱা নাই, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।