NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ ৰমাইঘাটত ডাইনী সন্দেহত জীৱন্তে নৈত উটুৱাই দিলে এগৰাকী মহিলাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2025 1:58 pm

ডিব্ৰুগড়ৰ ৰমাইঘাটত সংঘটিত এক নৃশংস ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডাইনীৰ সন্দেহত এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীৰ নাম মনিকা চাংগা।

ডিব্ৰুগড়ৰ লাহোৱালৰ ৰমাইঘাটত সংঘটিত হৈছে এই ঘটনা। ১ নং ৰাজগড় শিঙিমাৰি গাঁওৰ একাংশ ৰাইজে মনিকা চাংঘাক ডাইনী বুলি সন্দেহ কৰি দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰি আহিছিল। শেষত  মহিলাগৰাকীক গাঁৱৰ ৰাইজে ধৰি বান্ধি নি নদীত উটুৱাই দিয়াৰ পিছত স্থানীয় গাঁওপ্ৰধান আৰু এগৰাকী নাৱৰীয়াই তেওঁক উদ্ধাৰ কৰে।  নদীত উটি যোৱা অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ পঠিওৱা হয়। বৰ্তমান তেওঁ ডিব্ৰুগড়ৰ AMCH-ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ সৈতে জড়িত থকাৰ সন্দেহত ৫ গৰাকী মহিলা আৰু ২ তান্ত্ৰিক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা মহিলাসকল একেটা পৰিয়ালৰ আৰু তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি তেওঁলোকে মনিকা চাংঘাক নিৰ্যাতন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে

দিন দুপৰতে এগৰাকী মহিলাৰ দ্বাৰা আন এগৰাকী মহিলাক হত্যাৰ চেষ্টাই আকৌ এবাৰ অসমৰ সমাজত নাৰীসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰশ্নই জোকাৰি গৈছে। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও ডাইনী সন্দেহত নিৰ্যাতন চলি থকাত  নাৰীসকলৰ নিৰাপত্তাৰ বিষয়টোৱে উদ্বেগৰ সৃষ্টি কৰিছে