NORTHEAST NOW (Assamese)
Popular Stories

বৃহৎ সংখ্যক গছ কটা কাৰ্য মানুহক হত্যা কৰাতকৈয়ো জঘন্য অপৰাধ: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 1:19 pm


‘বৃহৎ সংখ্যক গছ কটা কাৰ্য মানুহক হত্যা কৰাতকৈয়ো জঘন্য অপৰাধ’- সংৰক্ষিত তাজ ট্ৰেপেজিয়াম জ
নত ৪৫৪ জোপা গছ কাটি পেলোৱা এজন ব্যক্তিৰ অনুৰোধ নাকচ কৰি ন্যায়াধীশ অভয় এছ অকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই কথা উল্লেখ কৰে।

শীৰ্ষ আদালতে কয় যে অনুমতি অবিহনে প্ৰকাশ্যভাৱে কাটি পেলোৱা ৪৫৪জোপা গছৰ দ্বাৰা সৃষ্টি হোৱা সেউজীয়া আৱৰণ পুনৰুত্পাদন বা পুনৰ সৃষ্টি কৰিবলৈ ন্যূনতম ১০০ বছৰ সময় লাগিব।

উচ্চতম ন্যায়ালয়ে মথুৰা-বৃন্দাবনৰ ডালমিয়া ফাৰ্মত এজন শিৱশংকৰ আগৰৱাল নামৰ ব্যক্তিজনে ৪৫৪ জোপা গছ কটাৰ পাছত প্ৰতিজোপা গছত ১ লাখ টকা জৰিমনা বিহাৰ পৰামৰ্শ দিয়া কেন্দ্ৰীয় সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰে।

আগৰৱালৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে ভুল স্বীকাৰ কৰিছে বুলি দাখিল কৰে যদিও আদালতে জৰিমনাৰ পৰিমাণ হ্ৰাস কৰিবলৈ অস্বীকাৰ কৰে।

তাজ ট্ৰেপেজিয়াম জনৰ ভিতৰত অবনাঞ্চল আৰু ব্যক্তিগত ভূমিত গছ কটাৰ বাবে পূৰ্বৰ অনুমতি লোৱাৰ প্ৰয়োজনীয়তা আঁতৰাই দিয়া ২০১৯ চনৰ আদেশৰ কথাও শীৰ্ষ আদালতে পুনৰ সোঁৱৰাই দিয়ে।