NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়কলৈ প্ৰশ্ন উত্থাপন কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 26, 2025 11:01 am

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো গণতন্ত্ৰৰ ভাল বিজ্ঞাপন নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। যদিহে দৌৰত মাত্ৰ এজন প্ৰাৰ্থী থাকে তেন্তে বিজয়ী ঘোষণা কৰিবলৈ তেওঁক নিৰ্দিষ্ট সংখ্যক ভোট লাভ কৰিব লাগিব বুলি কোনো নিয়ম বনাব নোৱাৰিনে? উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ মতামত বিচাৰিছে।

বৃহস্পতিবাৰে ‘বিধি চেণ্টাৰ ফৰ লিগেল পলিচি’ নামৰ এটা সংস্থাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কে সিঙৰ বিচাৰপীঠে। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৫৩(২) ধাৰা অনুসৰি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত যদি মাত্ৰ এজন প্ৰাৰ্থী থাকে তেন্তে তেওঁক ভোটগ্ৰহণ নকৰাকৈয়ে বিজয়ী ঘোষণা কৰা হয় । সংগঠনটোৱে এই ধাৰাটোক অসাংবিধানিক বুলি ঘোষণা কৰিবলৈ দাবী জনাইছে।

আবেদনখনৰ সপক্ষে যুক্তি দি জ্যেষ্ঠ অধিবক্তা অৰবিন্দ দাতাৰে কয় যে, “এটা কাল্পনিক পৰিস্থিতিৰ কথা বিবেচনা কৰক। এটা সমষ্টিত তিনি-চাৰিজন লোকে মনোনয়ন পত্ৰ জমা দিলে। অন্তিম দিনা এজন প্ৰাৰ্থীৰ বাহিৰে বাকী সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনী দৌৰৰ পৰা আঁতৰি গ’ল। ধৰি লওক সেই সমষ্টিটোত এক লাখ ভোটাৰ আছে। তাৰ ভিতৰত ১০ হাজাৰ ভোটাৰে সেই একমাত্ৰ প্ৰাৰ্থীক ভোট দিব বিচাৰে। কিন্তু ২৫ হাজাৰ ভোটাৰে NOTA ত ভোট দিব বিচাৰিছে। তেওঁলোকক ভোটদানৰ সুযোগৰ পৰা বঞ্চিত কৰা উচিতনে? সম্ভাৱ্য বিপদটো হ’ল যে এজন প্ৰাৰ্থীয়ে বাকী প্ৰতিদ্বন্দ্বীসকলক নিৰ্বাচনী দৌৰৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিবও পাৰে।”

এই বক্তব্যৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে। নিৰ্বাচনত মাত্ৰ এজন প্ৰাৰ্থী থাকিলেও বিজয়ী ঘোষণা কৰিবলৈ কমেও ১০, ১৫ বা ২০ শতাংশ ভোট লাভ কৰিব লাগিব বুলি নিয়ম প্ৰণয়ন কৰা সম্ভৱনে বুলি প্ৰশ্ন কৰা হৈছে। তেন্তে সেয়া এক প্ৰগতিশীল পদক্ষেপ নহ’বনে?

সংবিধানৰ প্ৰতি সন্মান প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে লগতে কয় যে, “আমাৰ সংবিধানে সংখ্যাগৰিষ্ঠ গণতন্ত্ৰৰ কথা কয়। গতিকে আমি যেতিয়া কওঁ যে সংখ্যাগৰিষ্ঠ শাসন গণতন্ত্ৰৰ মূল শিলাস্তম্ভ, তেতিয়া সেই লক্ষ্যত উপনীত হ’বলৈ তৎপৰ নহওঁ কিয়? আমাৰ প্ৰস্তাৱ হ’ল যে নিৰ্বাচনী দৌৰত যদি শেষত মাত্ৰ এজন প্ৰাৰ্থীয়ে থাকে তেন্তে সেই প্ৰাৰ্থীক পছন্দ কৰে এনে কিছুমান ভোটাৰো থকা উচিত।”