NORTHEAST NOW (Assamese)
অসম

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2025 12:01 pm

ভাৰত-পাক যুদ্ধৰ মাজতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। নেটিজেনসকলৰ দাবী যে আই এন এছ বিক্ৰান্ত আৰু ভাৰতীয় নৌসেনাই কৰাচী বন্দৰ ধ্বংস কৰিছে। ঘটনাটো সঁচা নহ’লেও ভাৰতীয় নৌসেনাই আক্ৰমণ কৰিবলৈ সাজু আছিল।

দেওবাৰে তিনিওজন সেনাধ্যক্ষ আৰু ডিজিএমঅ’ই আয়োজন কৰা সংবাদমেলখন চাই গা শিয়াৰি উঠাটো নিশ্চিত। ভাৰতীয় নৌসেনাৰ ভাইচ এডমিৰেল এ এন প্ৰমোদে কয় যে অপাৰেচন সিন্দুৰৰ সময়ত কৰাচীকে ধৰি সাগৰ আৰু স্থলভাগত চিনাক্ত কৰা স্থানত আক্ৰমণ কৰিবলৈ ভাৰতীয় নৌসেনা সম্পূৰ্ণৰূপে সাজু আছিল।

ভাইচ এডমিৰেল প্ৰমোদে কয়, ‘ভাৰতীয় নৌসেনা আৰব সাগৰত সকলো সময়তে সাজু আছিল। কৰাচীকে ধৰি নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ প্ৰস্তুতি আৰু সামৰ্থ্যৰে আক্ৰমণ কৰাৰ বাবে।‘ তেওঁ লগতে কয় যে পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ভাৰতৰ সঁহাৰি আছিল ‘নিয়ন্ত্ৰিত, সুনিৰ্দিষ্ট, দায়বদ্ধ’।

নৌসেনাৰ এক বিবৃতিত কোৱা হৈছে যে, “সন্ত্ৰাসবাদী আক্ৰমণৰ ৯৬ ঘণ্টাৰ ভিতৰতে আৰব সাগৰত একাধিক অস্ত্ৰ পৰীক্ষাৰ জৰিয়তে কৌশল আৰু পদ্ধতিসমূহ পুনৰ পৰীক্ষিত কৰা হয়।” ফলত নৌসেনাৰ ক্ৰু, অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি পুনৰ পৰীক্ষা কৰা হ’ল। যাতে পৰিস্থিতি আৰু বেয়া হ’লে সেনাই অভিযান আৰম্ভ কৰিব পাৰে।

উল্লেখ্য যে ‘অপাৰেচন সিন্দুৰ’ নামৰ এই অভিযানত ভাৰতীয় বায়ুসেনাই ৯টা নিৰ্দিষ্ট লক্ষ্য চিনাক্ত কৰি আক্ৰমণ চলাই ১০০ৰো অধিক সন্ত্ৰাসবাদীক নিহত কৰে। ভাৰতীয় সেনাই দেওবাৰে কয় যে এই অভিযানত নিহত হোৱাসকলৰ ভিতৰত ১৯৯৯ চনৰ ইণ্ডিয়ান এয়াৰলাইন্স অপহৰণ আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ সৈতে জড়িত কেইবাটাও “হাই ভ্যেলু টাৰ্গেট” অন্তৰ্ভুক্ত আছে।

এই আক্ৰমণ মূলতঃ ৭ মে’ত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কৰা হৈছিল। দিল্লীত এখন সংবাদমেলত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয়, ‘এই আক্ৰমণ সম্পূৰ্ণভাৱে সন্ত্ৰাসবাদ বিৰোধী আছিল আৰু সাধাৰণ নাগৰিকৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ সকলো সাৱধানতা অৱলম্বন কৰা হৈছিল।’ তেওঁৰ সৈতে উপস্থিত থাকে এয়াৰ মাৰ্শ্বাল অৱধেশ কুমাৰ ভাৰতী, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু মেজৰ জেনেৰেল সন্দীপ এছ শাৰদা।