NORTHEAST NOW (Assamese)
অসম

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2025 8:19 pm

গাৰ নোম শিয়াৰি উঠা ঘটনা! গোলাঘাটত এটা ৰয়েল বেংগল টাইগাৰৰ ঠেং কাটি, ছাল বখলিয়াই, দাঁত উলিয়াই নিৰ্মমভাৱে হত্যা কৰা হৈছে। এই খবৰ পোৱাৰ লগে লগে বন বিভাগৰ বিষয়াসকলে লোকেশ্যন ট্ৰেক কৰি সেই স্থানলৈ যায়, য’ত বাঘটোৰ চেহেৰা দেখি তেওঁলোকে স্তম্ভিত হৈ পৰে।

বন বিভাগে জানিবলৈ দিয়া মতে, বনাঞ্চলৰ দাঁতিত এটা জোপোহাত বিকৃত অৱস্থাত পৰি থকা বাঘটোৰ মৃতদেহটো উদ্ধাৰ কৰে। চোকা অস্ত্ৰৰে ইয়াৰ চাৰিওখন ঠেং কাটি পেলোৱা হৈছে। কেৱল সেয়াই নহয় বাঘটোক হত্যা কৰাৰ পিছত আনকি তাৰ ছালখনো বখলিয়াই পেলোৱা হ’ল।

গাওঁবাসীয়ে বাঘটোক নৰখাদক বুলি সন্দেহ কৰি হত্যা কৰাৰ ধাৰণা কৰা হৈছে। আৰক্ষীয়ে এই কাণ্ডৰ সৈতে ডড়িতসকলক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। মৃত বাঘটো খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুখীয়া গাঁৱত উদ্ধাৰ কৰা হৈছে।

স্থানীয় ৰাইজে জনোৱা মতে, দীৰ্ঘদিন ধৰি এটা বাঘে স্থানীয় অঞ্চলত প্ৰৱেশ কৰি আহিছিল। ই মাজে মাজে চিকাৰৰ সন্ধানত আক্ৰমণ চলাইছিল। বাসিন্দাসকলে বন বিভাগৰ বিষয়াসকলক জনোৱা মতে, বাঘৰ আক্ৰমণত এজন গাঁৱৰ লোকৰো মৃত্যু হৈছে। কিন্তু এই বাঘ সেই বাঘটোৱেই নে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

গাঁওবাসীৰ অভিযোগ যে বাঘটোৰ এই বিচৰণৰ বিষয়ে বন বিভাগক এবাৰ নহয়, একাধিকবাৰ অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

অৱশ্যে এনে এক নৃশংস ঘটনাৰ আঁৰত চোৰাংচিকাৰীয়েই আছে বুলি বন বিভাগে প্ৰাথমিকভাৱে  ধাৰণা কৰে। বাঘটোক কেনেকৈ হত্যা কৰা হ’ল সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে। ইতিমধ্যে ৰয়েল বেংগল বাঘটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।