NORTHEAST NOW (Assamese)
অসম

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 9, 2025 8:24 pm

চৰকাৰে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইন পুনৰ প্ৰৱৰ্তন কৰি ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ কথা ঘোষণা কাৰিছে। ২০২৪ চনৰ উচ্চতম ন্যায়ালয়ে ১৯৭১ চনক নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে স্বীকৃতি দিয়াৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত সদৰী কৰে যে বহিষ্কাৰ আইনখন এতিয়াও কাৰ্যক্ষম আৰু আদালতৰ নিৰ্দেশ অনুসৰি কোনো বিদেশী সন্দেহযুক্ত ব্যক্তিক জিলা উপায়ুক্তই তৎক্ষণাত বিতাড়ন কৰিব। তেওঁ স্পষ্ট কৰিদিয়ে যে বিতাড়িত ৩৩০ জন লোকৰ কোনো এজনো এতিয়ালৈকে ৰাজ্যলৈ ঘূৰি অহা নাই।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, কিছু ব্যক্তিক বিতাড়নৰ পাছত আদালতৰ স্থগিতাদেশৰ ভিত্তিত ঘূৰাই অনা হৈছিল, কিন্তু সেইবোৰো আদালতৰ নিৰ্দেশমৰ্মেই কৰা হৈছিল।

শৰ্মাই এন আৰ চি সন্দৰ্ভতো মন্তব্য কৰি কয় যে তালিকাৰ নিৰ্ভৰযোগ্যতা সন্দেহজনক—ভুৱা নাম অধিক পোৱা গৈছে। চৰকাৰে এই তালিকাখনৰ পুনঃপৰীক্ষাৰ বাবে কেন্দ্ৰীয় সংস্থাক অনুৰোধ জনাইছে, বিশেষকৈ সীমান্ত অঞ্চলত ২০% আৰু অন্যান্য ঠাইত ১০% নাম পুনৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। সদৌ অসম ছাত্ৰ সন্থাই এই সন্দৰ্ভত উন্নীতকৰণ এন আৰ চিৰ দাবী জনাইছে।

এনে পৰিস্থিতিত, মুখ্যমন্ত্ৰীয়ে কয় যে এন আৰ চিত নাম থকাৰ অৰ্থ এই নহয় যে ব্যক্তিজনে বিদেশী ঘোষণা নহ’ব; উপায়ুক্তই যদি বিদেশী সন্দেহ কৰে তেন্তে তেওঁক তাৎক্ষণিক ভাবে বিতাড়ন কৰিব পাৰিব, আৰু ইয়াৰ বাবে বিদেশী ন্যায়াধিকৰণত গোচৰ দাখিল কৰাটো বাধ্যতামূলক নহ’ব।