NORTHEAST NOW (Assamese)
Popular Stories

স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে সকলো নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব‍্যক্তি ঐক‍্যবদ্ধ হওক- বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিবৰ্তনৰ বিবৃতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2025 5:21 pm

অসমৰ পৰিস্থিতি অস্থিৰ। চৰকাৰী মইমতালিয়ে যেন এতিয়া সকলো সীমা পাৰ কৰিছে। নিকৰুণ আৰ্থিক দুৰ্যোগ, ক্ৰমাগত মূল্য বৃদ্ধি, জীৱিকাৰ আকাল‌ আৰু অনিশ্চয়তা‌ আৰু নিত্য নতুন কৰ-কাটলৰ‌ যোগেদি এই চৰকাৰে জনগণৰ ওপৰত অতি দুৰ্বিসহ আৰ্থিক দুৰ্যোগ জাপি দিছে। তেওঁলোকে আনকি সংবিধান প্ৰদত্ত প্ৰতিবাদো নিষিদ্ধ কৰাৰ উপক্ৰম কৰিছে।ৰাইজো কিন্তু নিমাত, নিস্তব্ধ আৰু ক্ষান্ত হৈ থকা নাই। যতেই সম্ভৱ চৰকাৰৰ স্বৈৰাচাৰিতাৰ  বিৰুদ্ধে আন্দোলন, প্ৰতিবাদ কৰিছে।কিন্তু বিজেপিক  ক্ষমতাৰ পৰা আঁতৰাব নোৱাৰিলে ৰাইজে এই দুৰ্ভোগ ভুগি থাকিব লাগিব।পৰিস্থিতি আৰু শোচনীয়হে হব। বিজেপি-আৰ এচ এচ ক্ষমতাত আছে বুলিয়ে আজি ৰাষ্ট্ৰ যন্ত্ৰ আৰু প্ৰচাৰ মাধ‍্যম তেওঁলোকৰ নিয়ন্ত্ৰণত।তেওঁলোকৰ টকা-পইছাৰো কোনো অভাৱ নাই।

এনে এটা পৰিস্থিতিত২০২৬-ৰ বিধানসভাৰ নিৰ্বাচনত নাগৰিক সমাজৰ ভূমিকা কি হ? প্ৰথম চৰ্তটো হৈছে বিজেপিৰ বিৰুদ্ধে এটা দৃঢ় আৰু শক্তিশালী বিৰোধী ঐক‍্যমঞ্চ।এই কথাটো বিৰোধী ৰাজনৈতিক দলবোৰে উপলব্ধি কৰিব লাগিব। তাৰ কাৰণে নাগৰিক সমাজৰ পৰা আমি ছজনীয়া  গোট এটাই কেইবামাহৰ পৰা এটা প্ৰচেষ্টা হাতত লৈ আহিছোঁ। বহু বাধা-বিঘিনি আৰু প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱা সত্ত্বেও প্ৰচেষ্টাটো সম্প্ৰতি  ইতিবাচক দিশত আগবাঢ়িছে।

কিন্তু নাগৰিক সমাজ আৰু সচেতন ব‍্যক্তিসকলে ২০২৬-ৰ বিধানসভা নিৰ্বাচনত কি ভূমিকা লব – সেইটোও সমানে গুৰুত্বপূৰ্ণ। এই মুহূৰ্তত আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে সকলো সংকীৰ্ণতা বাদ দি  গণতন্ত্ৰ, সাংবিধানিক প্ৰমূল‍্য আৰু অসমৰ স্বাৰ্থত সকলো নাগৰিক সমাজ একেখন মঞ্চত ঐক‍্যবদ্ধ হোৱাটো।সকলো গণতান্ত্ৰিক ব‍্যক্তি, সামাজিক গোট আৰু বিৰোধী ৰাজনৈতিক দল একলগ নহলে, ২০২৬-ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ। সেয়েহে, দুহেজাৰ ছাব্বিছৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগেয়ে, অসমৰ  সকলো সামাজিক অনুষ্ঠান আৰু নাগৰিক সমাজক ঐক‍্যবদ্ধ কৰাৰ উদ্দেশ‍্যে অহা ৫ আৰু ৬ জুলাইত গুৱাহাটীত এখন ৰাজ‍্যভিত্তিক   সন্মিলিত নাগৰিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে। এই সন্মিলিত নাগৰিক অভিবৰ্তনত বিজেপিৰ দহ বছৰীয়া শাসনৰ ব‍্যৰ্থতাৰ বিষয়ে আমি এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছোঁ।তাৰ বিকল্প হিচাপে অসমৰ ৰাইজৰ মৌলিক সমস‍্যাবোৰৰ ভিত্তিত আমি এখন উমৈহতীয়া দাবী চনদো প্ৰস্তুত কৰি  আছোঁ। সন্মিলিত নাগৰিক অভিবৰ্তনৰ আগদিনাৰ বিষয় বাছনি সভাত শ্বেতপত্ৰ আৰু দাবী চনদক চূড়ান্ত ৰূপ দিয়া হব। ইয়াৰ উপৰি সকলো নাগৰিক সমাজ আৰু সংগঠনক ঐক‍্যবদ্ধ কৰি ২০২৬-ৰ নিৰ্বাচনত  কি কাৰ্যসূচীৰ ভিত্তিত কেনেদৰে আমি এক সক্ৰিয় ভূমিকা পালন কৰিম সেইবোৰো নাগৰিক অভিবৰ্তনত আলোচনা কৰা হব।

এখন উমৈহতীয়া দাবী চনদ আৰু এখন কাৰ্যসূচী প্ৰস্তুত কৰি ঐক‍্যবদ্ধ আৰু সুসমন্বিতভাৱে আমি কেনেকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ তাৰ ৰূপৰেখা প্ৰস্তুত কৰাটোৱে  হব সন্মিলিত নাগৰিক অভিবৰ্তনৰ মূল লক্ষ‍্য আৰু উদ্দেশ‍্য।আকৌ উল্লেখ কৰিছোঁ- ১) সকলো ধৰণৰ সংকীৰ্ণতাৰ পৰা মুক্ত হৈ অসমৰ  সকলো গণতান্ত্ৰিক ব‍্যক্তি আৰু নাগৰিক সমাজক লৈ এক সন্মিলিত নাগৰিক অভিবৰ্তন অনুষ্ঠিত কৰা, ত আমি এখন সন্মিলিত নাগৰিক মঞ্চৰ জন্ম দিব পাৰোঁ যি মঞ্চই ২০২৬-ৰ বিধানসভা নিৰ্বাচনত গণতন্ত্ৰ, সাংবিধানিক মূল‍্যবোধ, অসমৰ সকলো অংশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, ২) বিজেপিৰ ব‍্যৰ্থতা আৰু কুকাৰ্যৰ বিষয়ে  এখন শ্বেতপত্ৰ প্ৰস্তুত কৰা ,৩) অসমৰ মৌলিক সমস‍্যাবোৰ  সন্নিৱিষ্ট কৰি এখন দাবী চনদ প্ৰস্তুত কৰা আৰু ৪) ২০২৬ -ৰ বিধানসভা নিৰ্বাচনত আমি জনসাধাৰণৰ মাজত কেনেকৈ প্ৰচাৰ অভিযান চলাম তাৰ বাবে  এখন সুচিন্তিত কৰ্ম আঁচনি প্ৰস্তত কৰা। ঠিক একেই উদ্দেশ‍্য আৰু লক্ষ‍্যৰে অহা ১৩ জুনৰ দিনা বৃহত্তৰ গুৱাহাটীৰ বাবে এখন নাগৰিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে। তাত বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন নাগৰিক সমাজৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা। বৃহত্তৰ গুৱাহাটী সন্মিলিত নাগৰিক অভিবৰ্তন সফল কৰি তুলিবলৈ আমি জনসাধাৰণৰ সকলো অংশলৈ গোহাৰি জনালোঁ।

হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ