NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ বিৰঝৰা চাহ বাগিচাত সামান্য বাক-বিতণ্ডাৰ পাছতে পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ

Posted by: তেজেশ ত্ৰিপাঠী June 3, 2018 7:45 pm
Antop-Hill-murder

বঙাইগাঁও চহৰৰ সমীপৱৰ্তী বিৰঝৰা চাহ বাগিচাত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নিজা বাসগৃহতে পুত্ৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত  প্ৰাণ হেৰুৱাবলগীয়া হ’ল দেউতাকে।

স্থানীয় লোকে জনোৱা অনুসৰি সত্যেন নামৰ ২২ বছৰীয়া যুৱকজনে নিজ পিতৃ প্ৰকাশ (৫০)ক শনিবাৰে নিশা এখন নতুন অট’ৰিক্সা কিনি দিবলৈ দাবী জনাইছিল আৰু পিতৃয়ে পুত্ৰৰ দাবী মানি নোলোৱাত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

ইয়াৰ পাছতে এই বাক-বিতণ্ডাই ক্ৰোধৰ চৰমসীমা পোৱাত পুতেকে চোকা দা এখনেৰে নিজৰ দেউতাকক আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত দেউতাকৰ অলপ পাছতে ঘৰতে মৃত্যু হয়।

ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত হত্যাকাৰী সত্যেনক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যোৱা হয়।

জানিব পৰা মতে প্ৰকাশৰ মৃতদেহ মৰণোত্তোৰ পৰীক্ষাৰ বাবে স্থানীয় অসামৰিক চিকিৎসালয়লৈ আজি ৰাতিপুৱা প্ৰেৰণ কৰে।

ইফালে হত্যাকাৰী পুত্ৰক কাইলৈৰ ভিতৰত কোৰ্টত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।