NORTHEAST NOW (Assamese)
অসম

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2025 1:21 pm

প্ৰস্তাৱিত কুলসী নদীৰ ৫৫ মেগাৱত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাভা-গাৰো আদি জনজাতীয় লোকসকলে। উক্ত প্ৰকল্পটোৰ বাবে উকিয়ামৰ ৰাভা-গাৰো আদি খিলঞ্জীয়া লোকক স্থানান্তৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে স্থানীয় লোকে ঘৰ মাটি হেৰুওৱা ভয়ত ত্ৰস্তমান হৈ পৰিছে। স্থানীয় জনগোষ্ঠীৰ লোকসকলে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ক এই জলবিদ্যুৎ প্ৰকল্পটো বাতিল কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। আৰু ইয়াৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে।

সোমবাৰেও উকিয়ামৰ স্থানীয় ৰাইজে প্ৰস্তাৱিত প্ৰকল্পটোৰ বিৰোধিতাৰে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। প্ৰতিবাদী সভা অনুষ্ঠিত কৰি স্থানীয় লোকে অসম মেঘালয় সীমান্তৰ কুলশী নদীত ৫৫ মেগাৱট নদী বান্ধ প্ৰকল্প স্থাপন কৰা নচলিব বুলি ধ্বনি দিয়ে। সমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হায় হায়, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা গো বেক, অসম চৰকাৰ হায় হায়, মেঘালয় চৰকাৰ হায় হায়, তেজ দিম কুলসী নদীত বান্ধ হব নিদিও, জনজাতীয় লোকক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ হুচিয়াৰ,প্ৰকৃতি ধ্বংস আৰু মানুহ মৰা নদী বান্ধ আমাক নালাগে আদি বিভিন্ন শ্লোগানেৰে পুনৰ অসম মেঘালয় সীমান্তৰ উকিয়াম অঞ্চল উত্তাল হৈ পৰে।

এই কুলসী নদীত চৰকাৰে ৫৫ মেগাৱট জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰিবলৈ উঠি পৰি লগা ঘটনাক লৈ সোমবাৰেও সীমান্তৱৰ্তী অসম আৰু মেঘালয়ৰ যুটীয়া প্ৰতিৰোধ কমিটিয়ে উকিয়াম অঞ্চলটোত এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ত্ৰিশখন গাঁৱৰ সৰ্ব সাধাৰণ ৰাইজৰ উদ্যোগত অসম-মেঘালয় সীমান্তৰ ক্ৰেছাই খেল পথাৰত অনুষ্ঠিত এই ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। এই প্ৰতিবাদী সভাত সভাপতিত্ব কৰে অসম মেঘালয় সীমান্ত যুটীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি আলবেত নাংলাই। সমিতিৰ সম্পাদক প্ৰবীণ স্নাৰে আঁত ধৰা এই সভাত দুয়োখন চৰকাৰৰ উদ্যোগত উকিয়াম নদীত নিৰ্মাণ কৰিবলৈ লোৱা জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ওপৰত চৰকাৰে প্ৰস্তুত কৰা প্ৰাক কলন, চৰকাৰৰ পৰা দিয়া আপত্তিহীন প্ৰমাণ পত্ৰ, প্ৰকল্পৰ এলেকা আৰু ক্ষয় ক্ষতিৰ হিচাপ আৰু অন্যান্য বিষয়ত স্থানীয় লোকক বুজাই দিয়ে নেতৃত্ববৰ্গই। তেওঁলোকে কয় যে অসম আৰু মেঘালয়ৰ দুয়োখন চৰকাৰে মিছাৰ আশ্ৰয় গ্ৰহণ কৰি ৰাইজক পানীত ডুবাই মৰাৰ যি পৰিকল্পনা কৰিছে। আৰু ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিৰোধ কৰিব বুলি হুংকাৰ দিয়ে।

সভাত বিশিষ্ট সমাজ কৰ্মী তথা ৰাভা নেতা মণিৰাম ৰাভাই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন কৰি যাব বুলি উল্লেখ কৰে। গাৰো জাতীয় নেতা জৱাহৰ মাৰাকে অতি ক্ষোভেৰে অসম আৰু মেঘালয়ৰ চৰকাৰক এই ভয়ংকৰ সিদ্ধান্ত বাতিলৰ দাবী উত্থান কৰে। এই নদী বান্ধৰ ফলত ঐতিহাসিক চানডুবি বিল, কুলশী নদী শুকাই যোৱাৰ উপৰি কুলশীৰ শিহুৰ মৃত্যু হ’ব বুলি আশংকা প্ৰকাশ কৰিছে। এই বান্ধৰ ফলত উচ্ছেদ হ’লে এদিন ভিক্ষাৰী হোৱাৰ বিনে গতি নাথাকিব উপায়হীন ৰাইজৰ। ইয়াৰ বাবে পলাশবাৰী ৰাজহ চক্ৰ, ছয়গাঁও ৰাজহ চক্ৰৰ উপৰি মেঘালয়ৰ অফিচ কাছাৰীত ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে।

খাছী জাতীয় নেতা প্ৰাচীৰ শ্ৰাৱে অংশগ্ৰহণ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তই ৰাইজক পানীত ডুবাব। ৰাইজ গৃহহীন হ’ব। সমাজকৰ্মী তথা বনগাঁৱৰ গাঁওবুঢ়া সৰ্বেশ্বৰ ৰাভাই এই অঞ্চলটোৰ ৰাইজে এই সিদ্ধান্ত কোনো কাৰণতেই মানি নলয়। প্ৰয়োজনত মৰি হ’লেও এই নদী বান্ধৰ বিৰোধ কৰি যাব। এই সভাত লগতে গাৰো, ৰাভা আৰু খাছীয়া মহিলা নেত্ৰীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি এই নদী বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত হ’ব পৰা ক্ষয়-ক্ষতিৰ বাবে প্ৰায় ৩০/৩৫ খন গাওঁৰ জনতাই শংকিত হৈ পৰিছে বুলি উল্লেখ কৰে। উল্লেখ্য যে উক্ত নদী বান্ধ হ’লে ৩৬ খন গাঁৱৰ ২৫০০০ লোকে পিতৃৰ ভেটি হেৰুওৱাৰ লগতে বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত হ’ব। পলাশবাৰী, বকো, ছমৰীয়া বিধান সভা সমষ্টিৰ বিশাল অঞ্চল পানীৰ তলত থাকিব। স্থানীয় লোকৰ জীৱিকাৰ মূল উৎস কল বাগান, তামোল বাগান, অনাৰস বাগান সহ কৃষি ক্ষেত্ৰ সমূলি ধ্বংস হ’ব। প্ৰকল্পটোৱে পলাশবাৰী, বকো ছমৰীয়া বিধান সভাৰ বিশাল অঞ্চলৰ প্ৰতি বানপানীৰ ভয়াবহ দুৰ্যোগ মাতি আনিব। এই প্ৰকল্পৰ ফলত প্ৰায় ৭ কিলোমিটাৰ দূৰত্বৰ চানডুবি অঞ্চলতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব। অৰ্থাৎ প্ৰকৃতিৰ ৰম্যভূমি চানডুবিলৈ অন্ধকাৰ মাতি আনিব নদী বান্ধটোৱে। এই বান্ধটোৱে জৈৱ বৈচিত্ৰ্য তথা পৰিবেশ পাৰিপাৰ্শ্বিকতালৈ বিপদ কঢ়িয়াই আনিব।