NORTHEAST NOW (Assamese)
অসম

বোকাখাতত পাত্ৰ তাঁতী সমাজৰ জন জাগৰণ সমাবেশ : নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতা

Posted by: উত্তম শইকীয়া June 4, 2018 4:44 pm
Patra Tanti Samaj

অসমৰ চাহ শ্ৰমিক সকলৰ এক অন্যতম প্ৰধান সম্প্ৰদায় পাত্ৰ তাঁতী সমাজৰ ভাষা, লোক সংস্কৃতিসমূহ ডাঙি ধৰাৰ মানসেৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আজি এখন জন জাগৰণ সমাবেশ অনুষ্ঠিত কৰা হয় ৷

নগাঁও, যোৰহাট আৰু গোলাঘাট জিলাত বসবাস কৰা পাত্ৰ তাঁতী সমাজৰ লোকক সামৰি অনুষ্ঠিত হোৱা জন জাগৰণ সমাবেশত তিনিখন জিলাৰ প্ৰতিনিধিৰ লগতে সাধাৰণ পাত্ৰ তাঁতী সমাজৰ লোকে অংশ গ্ৰহণ কৰে ৷

পাত্ৰ তাঁতী সমাজ পৰিচালনা সমিতিৰ সভাপতি দেৱেন পাত্ৰই পুৱা পতাকা উত্তোলন আৰু সম্পাদক বিপিন তাঁতীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতে পাত্ৰ তাঁতী সমাজৰ এখন লোক সাংস্কৃতিক সমাবেশ অনুষ্ঠিত হয় ৷

দিনৰ ১১ বজাৰ পৰা দেৱেন পাত্ৰৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা অৰূপ জ্যোতি তাঁতী, নিহা তাঁতী আৰু ৰিতুল পাত্ৰক ৰাজহুৱাভাৱে মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰে পাত্ৰ তাঁতীৰ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত পাত্ৰ তাঁতী সমাজ পৰিচালনা সমিতিক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰাৰ আহ্বান জনায় ৷ সভাত প্ৰতিদিন টাইমৰ বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই শুভেচ্ছামুলক বক্তব্য আগবঢ়ায় ৷

ইয়াৰ উপৰি সভাত ৩ খন জিলাৰ প্ৰতিনিধিৰ লগতে পাত্ৰ তাঁতী সমাজক প্ৰতিনিধিত্ব কৰা গাঁওবূঢ়া সকলেও বক্তব্য প্ৰদান কৰে।

সম্পাদক বিপিন তাঁতীয়ে আঁত ধৰা এই সভাত পাত্ৰ তাঁতী সমাজৰ অস্তিত্ব অক্ষুন্ন ৰখাৰ বাবে জাতিটোৰ ভাষা, লোক সংস্কৃতি সংৰক্ষণ, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

তদুপৰি উক্ত সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন প্ৰৱৰ্তন কৰি অসমত বহিৰাগত বাংলাদেশীক সংস্থাপনৰ যি অভসন্ধি ৰচনা কৰিছে, তাক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি এই ক্ষেত্ৰত সৰ্বানন্দ সোনোৱালৰ নিৰৱ ভুমিকাকো তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্য মন্ত্ৰীক দৃঢ় পদক্ষেপ ল’বৰ বাবে সভাই সকিয়াই দিয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে পাত্ৰ তাঁতী সমাজৰ এক সজাতি দলে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি মুখ্য মন্ত্ৰীৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ বাবে সিধান্ত গ্ৰহন কৰে ৷

পাত্ৰ তাঁতী সমাজৰ পৰৱৰ্তি অধিৱেশন ২০১৯ চনৰ ফেব্ৰুৱাৰিত নগাঁও জিলাৰ বাগৰিত অনুষ্ঠিত কৰাৰ বাবেও সভাই সিদ্ধান্ত লয়।

সভাৰ সামৰণিৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আধা ঘন্টা সময় বোকাখাত নগৰৰ ডিফলু পথ অৱৰোধ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ গ’বেক আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিবেশ উত্তাল কৰি তোলে ৷