NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ ঘাট আঞ্চলিক সমিতিৰ উদ্যোগত গুপ্তকাশী বিশ্বনাথত বিশ্ব পৰিৱেশ দিৱস পালন

Posted by: কাজি জেইদুল ইছলাম June 5, 2018 11:45 am

আজি সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্য মণ্ডিত তথা গুপ্তকাশী বিশ্বনাথ ঘাটতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

 উল্লেখযোগ্য যে ঐতিহ্য মণ্ডিত তথা গুপ্তকাশী বিশ্বনাথ ঘাটত আজি পুৱা ১০ বজাৰ পৰা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম বিশ্বনাথ ঘাট আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্বনাথ ঘাট দেৱালয়ৰ সমীপত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

 পুৱা অনুষ্ঠিত হোৱা এই বৃক্ষ ৰোপণ কাৰ্যসূচীত বিশ্বনাথ ঘাটৰ জ্যেষ্ঠ নাগৰিক অবনি কুমাৰ দাসৰ লগতে বিশ্বনাথ ঘাটৰ স্থানীয় তথা যুৱ সাংবাদিক কাজি জেইদুল ইছলামও উপস্থিত থাকে।

 ইয়াৰ পিছত তেওঁলোকে  পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বিশ্বনাথ ঘাটৰ পৰা বিশ্বনাথ চাৰিআলি লৈ প্ৰায় ১০ কি:মি: চাইকেল ৰেলী ওলিয়াই ঠাই বিশেষে বৃক্ষ ৰোপণ  কৰে।

 উল্লেখযোগ্য যে ব্যতিক্ৰমী প্ৰয়াসেৰে সংগঠনটোৱে আজি পৰা বিশ্বনাথৰ ভিন্ন প্ৰান্তত প্ৰায় এমাহজোৰা  এই বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।