NORTHEAST NOW (Assamese)
দেশ

ভাৰতত প্ৰৱেশৰ আগতেই ইণ্টাৰনেট সেৱাত বিঘিনি ষ্টাৰলিংকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2025 8:35 pm

শেহতীয়াকৈ ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট সেৱা প্ৰদানকাৰী কোম্পানী ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে আৰু অতি সোনকালে দেশত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। কিন্তু ভাৰতত প্ৰৱেশৰ পূৰ্বেই ইণ্টাৰনেট সেৱাত বৃহৎ বিঘিনিৰ সন্মুখীন হৈছে কোম্পানীটো।

২৪ জুলাইত আমেৰিকা, ইউৰোপৰ লগতে ভাৰতৰ কিছু অঞ্চলত ব্যাহত হৈ পৰে ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা। এই সমস্যাই ব্যৱহাৰকাৰীসকলক হঠাৎ ইণ্টাৰনেট সংযোগৰ পৰা বিচ্ছিন্ন কৰি তোলে। প্ৰকাশিত তথ্য অনুসৰি, প্ৰায় ৬১,০০০ গ্ৰাহকে এই বিজুতিৰ সন্মুখীন হৈছিল। ষ্টাৰলিংকে তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলত এই বিষয়ে অৱগত কৰি জানায় যে তেওঁলোকৰ দল এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি আছে।

ষ্টাৰলিংকৰ অভিযান্ত্ৰিক বিভাগৰ শীৰ্ষ বিষয়া মাইকেল নিকোলাছে এক্সত প্ৰকাশ কৰে যে এই বিজুতিৰ বাবে প্ৰায় ২.৫ ঘণ্টা সময় লাগিছিল আৰু ইয়াৰ মূল কাৰণ আছিল কোম্পানীৰ মূল নেটৱৰ্কৰ চফটৱেৰৰ বিকলতা। তেওঁ আৰু জানায় যে এই সমস্যাৰ সঠিক কাৰণ চিনাক্ত কৰি ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব। ইলন মাস্কেও এই বিজুতিৰ বাবে ক্ষমা বিচাৰি প্ৰতিশ্ৰুতি দিছে যে ভৱিষ্যতে এনে ঘটনা এৰাই চলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

এই ঘটনাই ভাৰতত ষ্টাৰলিংকৰ সেৱাৰ নিৰ্ভৰযোগ্যতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে, কিয়নো কোম্পানীটোৱে দেশৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত উচ্চগতিৰ ইণ্টাৰনেট প্ৰদানৰ লক্ষ্য লৈছে। ব্যৱহাৰকাৰীসকলে এই বিঘিনিৰ পিছত কোম্পানীটোৰ সেৱাৰ স্থিৰতা সন্দৰ্ভত চিন্তিত হৈ পৰিছে।