NORTHEAST NOW (Assamese)
Popular Stories

পাৰ চৰাইৰ ভৰিত লাইট বান্ধি ‘ড্ৰোনৰ আতংক’ গাঁওবাসীৰ মাজত বিয়পালে দুই যুৱকে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 31, 2025 2:36 pm

নিশাৰ আকাশত ৰহস্যময় পোহৰ! গাঁৱৰ মানুহে ভাবিছে হয়তো কোনোবাই ড্ৰোন উৰুৱাইছে। ৰাতিটো ভয়তে পাৰ হৈ গৈছে। পশ্চিম উত্তৰ প্ৰদেশৰ কেইবাখনো গাঁৱত এনে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ অন্ত পেলালে আৰক্ষীয়ে। আৰু তেতিয়াই পোহৰলৈ আহিল এটা চাঞ্চল্যকৰ তথ্য – ড্ৰোন নহয়, আকাশত উৰি থকা লাইটৰ সৈতে এটা পাৰ!

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে দুজন যুৱক- শ্বোয়াইব আৰু ছাকিবক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁলোকে পাৰৰ ভৰিত ৰঙা আৰু সেউজীয়া এল ই ডি লাইট বান্ধি ৰাতি এৰি দিছিল। দূৰৰ পৰা দেখি সাধাৰণ মানুহবোৰ ড্ৰোন বুলি ভাবি আতংকিত হৈ পৰিছিল।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জিলাখনৰ কেইবাখনো গাঁৱত ‘ড্ৰ দেখাৰ খবৰ আহিছে। বিশেষকৈ ৰাতিৰ আন্ধাৰত আকাশত ৰঙা-সেউজীয়া পোহৰ দেখা গৈছিল। এই সন্দৰ্ভত কেইবাজনো গাঁওবাসীয়ে আৰক্ষীক অভিযোগ দাখিল কৰে। ইয়াৰ লগে লগে কাকৰোলি থানাৰ অন্তৰ্গত জাটোৱাৰা গাঁৱৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

জিলা আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে জনোৱা মতে, ধৃত লোককেইজনৰ পৰা দুটা পাৰ, এটা পিঞ্জৰা আৰু কেইবাটাও এল ই ডি লাইট উদ্ধাৰ কৰা হৈছে। জেৰাৰ সময়ত তেওঁলোকে অপৰাধ স্বীকাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰৰ ৰহস্য সমাধানৰ বাবে সংশ্লিষ্ট আৰক্ষী দলটোক ২০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষী অধীক্ষকে। এই অদ্ভুত ঘটনাই সমগ্ৰ জিলাতে উত্তেজনা বিয়পাইছে। ইচ্ছাকৃতভাৱে হওক বা হাস্যৰসৰ জৰিয়তে হওক এনে বিভ্ৰান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আৰক্ষীয়ে জনাইছে।