NORTHEAST NOW (Assamese)
অসম

সোনাপুৰত যোগদল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত ৰাজহুৱা সাক্ষ্যদানৰ ব্যৱস্থা চি আই ডিৰ

Posted by: এন ই নাও নিউজ December 14, 2017 12:02 pm

যোগদল হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত চি আই ডিৰ দলে এক বিশেষ ব্যৱস্থা হাতত লৈছে। মন কৰিব লগীয়া যে ২০০৯ চনতে সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ড সন্দৰ্ভত  চি আই ডিৰ এটা দলে তদন্তৰ বাবে সোনাপুৰ গড়কাপ্তানী বাংলোত ৰাজহুৱা সাক্ষ্যৰ বিশেষ শিবিৰৰ ব্যৱস্থা কৰিছে।  জানিব পৰা মতে ১৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ  সোণাপুৰত এই ৰাজহুৱা সাক্ষ্যৰ ব্যৱস্থা কৰিছে | এই সাক্ষ্যৰ শিবিৰতে  যোগদল হত্যাকাণ্ডৰ বিষয়ে তদন্তকাৰী বিষয়াসকলক ৰাইজে পোনপটীয়াভাৱে তথা ফোনযোগে এই নম্বৰত ৯৪০১৫১৫৬০৭ তথ্য দিব পাৰিব । আনহাতে তথ্য দিয়া ৰাইজৰ পৰিচয় গোপনে ৰখা হ’ব বুলি তদন্তকাৰী বিষয়া সকলে জানিব দিছে।

উল্লেখযোগ্য যে বিগত ৮ বছৰৰ আগতে সংঘটিত যোগদলৰ একেটা পৰিয়ালৰ ৫ জন লোকৰ হত্যাকাণ্ডৰ তদন্ত স্থবিৰ হৈ আছিল কিন্তু হঠাৎ ৬ ডিচেম্বৰৰ নিশা দুজন আৰক্ষী বিষয়াৰ  গ্ৰেপ্তাৰৰ পিছতে এই হত্যাকাণ্ডৰ তদন্তৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। লক্ষণীয় যে দুয়োজন বিষয়াকে প্ৰমাণ নস্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে ১৫ ডিচেম্বৰৰ পৰা হ’ব লগীয়া এই সাক্ষ্যৰ শিবিৰৰ পাছতে যোগদল হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াৰ লগতে হত্যা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।