NORTHEAST NOW (Assamese)
অসম

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2025 8:23 pm

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ এক তীব্ৰ অভিযোগ উত্থাপন কৰি  ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাৰ অভিযোগ যে হৰ্ষ মন্দৰ, প্ৰশান্ত ভূষণ আদি এক্টিভিষ্ট সকলে পাকিস্তানী আৰু বাংলাদেশী উপাদানৰ সৈতে ষড়যন্ত্ৰ কৰি ৰাজ্যখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰি আছে।

মুখ্যমন্ত্ৰীয়ে দাবী কৰে, এইসকল কৰ্মীয়ে ২০২৫ চনৰ ২৩ আগষ্টৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰি সংখ্যালঘু নেতাসকলৰ সৈতে বৈঠক কৰি চৰকাৰৰ চলি থকা উচ্ছেদ অভিযানত ব্যাঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

ইপিনে, ৰাজ্যিক বিজেপিয়ে উচ্ছেদ অভিযানক গাজা–পেলেষ্টাইনৰ সংঘাতৰ সৈতে তুলনা কৰাৰ বাবে জমিয়ত উলেমা–ই–হিন্দৰ নেতা মৌলানা মহমদ মাদানীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয়, “খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰী আৰু বনাঞ্চলৰ পৰা অবৈধ বসতি আঁতৰোৱা একেবাৰে প্ৰয়োজনীয়। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰসকলে ‘মাদানী সংস্কৃতি’ প্ৰচাৰ কৰি অসমৰ স্বাৰ্থ ধ্বংস কৰিবলৈ চেষ্টা কৰিছে।”